অসম

assam

ETV Bharat / state

চৰকাৰে যোগান ধৰা খাদ্য নোখোৱা হ'ল অংগনৱাড়ী কেন্দ্ৰৰ শিশুৱে !

Anganwadi Centre: শিশু উন্নয়ন প্ৰকল্প বিষয়াই নুশুনে অংগনৱাড়ী কৰ্মীৰ অভিযোগ । শিশুসকলে নাপায় চাউল,মটৰ আদি ।

Anganwadi Workers Protest in Khowang
খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

মৰাণ: ৰাজ্য চৰকাৰে শিশুসকলৰ শৈক্ষিক-মানসিক বিকাশৰ বাবে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে । লগতে শিশুসকলক উন্নত খাদ্য নিতৌ প্ৰদান কৰাৰ কথা ৰঙীণ বিজ্ঞাপন দি প্ৰকাশ কৰিছে । কিন্তু চৰকাৰে যোগান ধৰা খাদ্য নোখোৱা হ'ল অংগনৱাড়ী কেন্দ্ৰৰ শিশুৱে । সমাজ কল্যাণ বিভাগে প্ৰদান কৰা খাদ্যক লৈ অসন্তুষ্ট খোদ চৰকাৰী কৰ্মচাৰী । তেনে সময়ত শিশু খাদ্যৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে ডিব্ৰুগড়ৰ খোৱাঙত ।

ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ শিশুসকলক সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু খাদ্যক লৈ খোৱাঙত আপত্তি প্ৰদৰ্শন কৰিছে খোদ অংগনৱাড়ী কৰ্মীসকলে ৷ ডিব্ৰুগড় জিলাৰ তিলৈ নগৰস্থিত খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে এই লৈ এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় ।

খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

সমাজ কল্যাণ বিভাগে যোগান ধৰা চুজি হালোৱা আৰু ডাল খিচিৰিক লৈ অংগনৱাড়ী কেন্দ্ৰসমূহৰ শিশু আৰু অভিভাৱকসকলে আপত্তি প্ৰদৰ্শন কৰা বাবেই এনে খাদ্য বিতৰণ কৰিবলৈ অনিচ্ছুক অংগনৱাড়ী কৰ্মীসকল । আনহাতে, কৰ্মীসকলে আপত্তি দৰ্শোৱাৰ পিচত খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্যোৎস্না তকবিপিয়ে কৰ্মীসকলক খাদ্য সামগ্ৰী নিবলৈ বাধ্য কৰাক কেন্দ্ৰ কৰি উত্তেজনা সৃষ্টি হয় ৷

উল্লেখ্য খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মুঠ ৩১৯ টা অংগনৱাড়ী কেন্দ্ৰ আছে । বহু কেন্দ্ৰ কাৰ্যালয়ৰ পৰা ২৫/৩০ কিলোমিটাৰ দূৰত্বত অতি দুৰ্গম অঞ্চলত আছে ৷ কিন্তু কেন্দ্ৰসমূহলৈ খাদ্য সামগ্ৰী নিয়াৰ বাবে কৰ্মীসকলক কেৱল ১৭০ টকাকৈ প্ৰদান কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে বহু কৰ্মীয়ে ৷

লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত শিশুসকলৰ বাবে চাউল, মটৰ, হৰলিক্স আদি সামগ্ৰী যোগান ধৰিছে যদিও খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াগৰাকীয়ে এবছৰে এই সমূহ সামগ্ৰী যোগান ধৰা নাই বুলি অংগনৱাড়ী কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছে । এই বিষয়টোৰ এক সু-মীমাংসাৰ দাবী জনাইছে ক্ষুদ্ধ কৰ্মীসকলে ৷

অংগনৱাড়ী কৰ্মীৰ কিয় সমস্যা:

খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনৱাড়ী কৰ্মীসকলে উল্লেখ কৰা অনুসৰি সমাজ কল্যাণ বিভাগে যোগান ধৰা চুজি হালোৱা আৰু দাল খিচিৰিসমূহ শিশুৰ অভিভাৱকে গ্ৰহণ নকৰে । শিশুৱে এই সমূহ খাদ্য খাবলৈ ইচ্ছা নকৰে । সেই কথা বিভাগৰ বিষয়াক জনোৱাৰ পাছতো বাৰে বাৰে একেই খাদ্য যোগান ধৰাত সমস্যাত পৰিব লগা হৈছে কৰ্মীসকল ।

কি কয় প্ৰকল্প বিষয়াই:

বিষয়াগৰাকীয়ে অংগনৱাড়ী কৰ্মীসকলৰ প্ৰতিবাদৰ পাছতে সংবাদ মাধ্যমত কয়, "চুজি হালোৱা আৰু দাল খিচিৰি সমূহ শিশু সকলে খাব বিচৰা নাই । ইয়াৰ পাছৰে পৰা কেন্দ্ৰ সমূহলৈ পূৰ্বৰ দৰে চাউল, দাইল, মটৰ আৰু আন সামগ্ৰী প্ৰেৰণ কৰা হ'ব ।"

লগতে পঢ়ক:ধনৰ খঁক ! দুৰ্নীতি নিবাৰক শাখাৰ জালত শিশু উন্নয়ন প্ৰকল্প বিষয়া - Govt officer arrested

ABOUT THE AUTHOR

...view details