গুৱাহাটী, ৩ মে' : ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টি কোকৰাঝাৰ, গুৱাহাটী, বৰপেটা আৰু ধুবুৰীত অহা ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন । তৃতীয় পৰ্যায়ৰ ভোট যুদ্ধৰ বাবে আন সমষ্টিৰ লগতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১নং কোকৰাঝাৰ সমষ্টিৰ নির্বাচনী যুঁজখনো যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে । সমষ্টিটোত কেইবাজনো সমপৰ্যায়ৰ নেতা অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হোৱাটো নিশ্চিত হৈ পৰিছে । কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে । তেওঁলোক হৈছে :
- বিপিএফৰ খাম্ফা বৰগয়াৰী
- ইউপিপিএলৰ (বিজেপি মিত্ৰজোঁট) জয়ন্ত বসুমতাৰী
- কংগ্ৰেছৰ গৰ্জন মুছাহাৰী
- গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা
- অবড়ো সুৰক্ষা সমিতিৰ সমর্থিত নির্দলীয় প্রার্থী জ্যোতিষ (জোন) দাস
- তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়া
- ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু
- নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰী
- নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভা
- নিৰ্দলীয় প্ৰাৰ্থী পংকজ ইছলাৰী
- নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ
- নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰক্ষ্ম
ভোটযুদ্ধলৈ মাজত মাত্র তিনিটা দিন বাকী যদিও কোকৰাঝাৰ সমষ্টিটোত এইবাৰ কাৰ কাৰ মাজত মূল ৰণখন হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
* সমষ্টিটোত ২০১৪ চনত নিৰ্দলীয় প্রার্থী নৱ কুমাৰ শৰণীয়াই অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।
* তেওঁ ৬,৩৪,৪২৮টা ভোট লাভ কৰিছিল ।
* ২০১৯ চনতো নৱ কুমাৰ শৰণীয়াই ৪৮৪,৫৬০টা ভোট লাভ কৰি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়ী হয় ।
* তেওঁৰ প্ৰতিদ্বন্দ্বী বিপিএফৰ প্রার্থী প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰিছিল ৪,৪৬,৭৭৪টা ভোট ।
* ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰিছিল ৩,১২,৪৩৫টা ভোট ।
উল্লেখ্য যে ২০১৪ আৰু ২০১৯ চনত বিটিআৰ অঞ্চলত অবড়োসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিপৰীতে এজন অবড়ো সমৰ্থিত প্ৰাৰ্থী আছিল নৱ কুমাৰ শৰণীয়া । বিভিন্ন অবড়ো সংগঠনৰ পূৰ্ণ সমর্থন আছিল শৰণীয়ালৈ । ইপিনে কোকৰাঝাৰ সমষ্টিটো বিটিআৰ অঞ্চলৰ অধিকাংশ সামৰি গঠিত হৈছে যদিও ইয়াত বড়ো ভোটাৰৰ সংখ্যা ৪০ শতাংশতকৈও কম ।
গতিকে অবড়োৰ বৃহৎ সমর্থনত নৱ কুমাৰ শৰণীয়াই যথেষ্ট ব্যৱধানত জয়লাভ কৰিছিল । কিন্তু পূৰ্বৰ পৰিৱেশ এতিয়া সলনি হৈছে । নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমষ্টিটোত বলিছে প্রতিষ্ঠান-বিৰোধী ঢৌ । উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ নৱ কুমাৰ শৰণীয়াই জাতিগত প্ৰমাণ-পত্ৰৰ খেলিমেলিৰ বাবে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাত সাংসদগৰাকীৰ নেতৃত্বত গঠিত ৰাজনৈতিক দল গণ সুৰক্ষা পার্টীয়ে প্রার্থিত্ব দিছে বিনীতা ডেকাক । কিন্তু বিনীতা ডেকা নতুন মুখৰ ।
আনহাতে, বিনীতা ডেকা সমষ্টিৰ বাহিৰৰ তথা ৰাইজৰ অপৰিচিত হোৱা বাবে সমষ্টিটোৰ গৰিষ্ঠসংখ্যক অবড়ো জনতাই এইবাৰ মুকলি সমর্থন আগবঢ়াইছে অবড়ো সুৰক্ষা সমিতিৰ প্রক্ষেপিত প্রার্থী তথা যুৱ নেতা জ্যোতিষ (জোন) দাসক । আনহাতে, যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক সমর্থন কৰা একাংশয়ো এইবাৰ জোন দাসৰ সমৰ্থনত থিয় দিছে । আনহাতে, কিছুদিন পূর্বে ষড়যন্ত্রমূলকভাৱে বিটিচি পৰিষদৰ পৰা ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰা কাৰ্যৰ প্ৰত্যুত্তৰ হিচাপেও একাংশ সচেতন অবড়ো ৰাইজৰ ভোট জ্যোতিষ (জোন) দাসৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছে ।
ইতিমধ্যে বাকপটু নির্দলীয় প্রার্থীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তর্গত বিধানসভা সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাই আছে । বিশাল নির্বাচনী সভাৰ সলনি অলিয়ে-গলিয়ে, বজাৰে-সমাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে । ইপিনে বিটিআৰ বা বড়ো অধ্যুষিত অঞ্চলত শক্তিশালী দল হিচাপে বিবেচিত হৈ আহিছে বিপিএফ । দলটোৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰো আছে এক শক্তিশালী ভেটি । বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও সকলোৰে পৰিচিত ব্যক্তি খাম্ফা বৰগয়াৰী ।
আনহাতে, বিজেপি মিত্রদল ইউপিপিএলৰ প্ৰাৰ্থী তথা চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ সমৰ্থনত সমষ্টিটোত দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় দলটোৱে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্রীয় মন্ত্রী, মুখ্যমন্ত্রী, সাংসদকে ধৰি কেইবাগৰাকী ষ্টাৰ কেম্পেইনাৰে মাৰাথন প্ৰচাৰ চলাই কোকৰাঝাৰ লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে । এক কথাত কোকৰাঝাৰ সমষ্টিক লৈ বৃহৎ ব্যৱধানত জয়ী হোৱাটো বিটিচি প্রধান প্রমোদ বড়ো তথা ইউপিপিএলৰ বাবে সন্মানৰ কথা হৈ পৰিছে ।
মিত্ৰজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীয়ে যাতে অভিলেখ সৃষ্টি কৰি জয়ী হ'ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুকীয়া ৰণ কৌশলো প্ৰস্তুত কৰি উলিয়াইছে ইউপিপিএলে । ইফালে বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ বিৰামহীন ব্যাপক প্ৰচাৰে ইউপিপিএলক কিছু পৰিমাণে হ'লেও চিন্তাত পেলাইছে । এনে পৰিস্থিতিত দলটোৰ সভাপতি তথা বিটিচি প্রধান প্রমোদ বড়োৱে কোকৰাঝাৰত যাতে দলীয় প্রার্থীগৰাকীক অভিলেখসংখ্যক ভোটত জয়ী কৰাব পাৰে তাৰ বাবে উঠি-পৰি লাগিছে ।
কিন্তু এইবাৰ সমষ্টিটোত সংখ্যাগৰিষ্ঠতা নোহোৱা বড়ো ৰাইজৰ ভোট বিভাজন হোৱাৰ ফলত বিপিএফৰ খাম্ফা বৰ্গয়াৰী আৰু ইউপিপিএলৰ জয়ন্ত বসুমতাৰী দুয়োগৰাকী প্ৰাৰ্থীয়ে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে । তদুপৰি কংগ্ৰেছকে ধৰি সমষ্টিটোত আছে আৰু আন কেইবাগৰাকীও প্রার্থী । তেওঁলোকৰ প্ৰায়কেইগৰাকী বড়ো সম্প্ৰদায়ৰ । তেওঁলোকে জয়ী হ'ব নোৱাৰিলেও একপ্ৰকাৰ পানী ঘোলা কৰাটো নিশ্চিত । যাৰ বাবে বহুধা বিভক্ত হ'ব পাৰে বড়ো ৰাইজৰ ভোট ।
ইফালে বিটিচি পৰিষদত ইউপিপিএলেৰে মিত্ৰজোঁটত থাকিলেও ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছে বিজেপিৰ একাংশ নেতা-কর্মী । সমষ্টিটোত বড়ো ভোটৰ উপৰি অবড়ো ভোটৰ বিভাজন হোৱাৰ ফলত কোন বেছি লাভৱান হ'ব সেয়া সময়তহে জানিব পৰা যাব । কোকৰাঝাৰত অবড়োসকলৰ এক শক্তিশালী সংগঠন 'অবড়ো সুৰক্ষা সমিতি'য়ে যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক পূর্ণ সমর্থন দিছিল যদিও এইবাৰ দুভাগত বিভক্ত হৈছে সংগঠনটো ।
‘অবড়ো সুৰক্ষা সমিতি'ৰ এটা ভাগে সমর্থন দিছে গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকাক আৰু আন এটা গোটে সমর্থন দিছে জ্যোতিষ (জোন) দাসক । ইফালে সমষ্টিটোত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰো আছে জনপ্ৰিয়তা । তেনেস্থলত এইবাৰ কোকৰাঝাৰত ১২ গৰাকী প্ৰাৰ্থীৰ মাজত কোনে শেষ হাঁহি মাৰি দিল্লীলৈ যাব সেয়া ফলাফলতহে জানিব পৰা যাব ।
লগতে পঢ়ক :গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024