ধেমাজি :বিহুৰ বতৰত বিভিন্ন জনগোষ্ঠীৰ লোকৰ থলুৱা সুৰাৰ উপৰিও ৰঙীন বিলাতী সুৰাৰ পয়োভৰ ঘটে । পিছে এইবাৰ এই সকলোবোৰ সুৰাক প্ৰত্যাহ্বান জনাই বজাৰলৈ আহিছে এটা নতুন বেণ্ডৰ সুৰা । নাম 'আইচেং' । যি সুৰা সেৱন কৰিলে স্বাস্থ্যৰ পক্ষে হানিকাৰক নহয় ।
সেই সুৰাই মানুহৰ স্বাস্থ্যক দিয়ে বহুতো জটিল বেমাৰৰ পৰা সকাহ । ৰঙা আৰু বগা দুটা ৰঙত উপলব্ধ এই সুৰাই সুৰাপায়ীক দিব পাৰে অনাবিল আনন্দৰ লগতে ঔষধি গুণেৰে সমৃদ্ধ 'আইচেং' নামৰ এই সুৰাবিধ ।
আমাৰ বাৰীৰ বিভিন্ন ফলমূল বা নষ্ট হৈ যোৱা ফলমূলৰ পৰা এই বিশেষ সুৰাবিধ প্ৰস্তুত কৰা হয় । এই সুৰা প্ৰস্তুত কৰ্তা গুৱাহাটীৰ অদিতি গোঁহাই ফুকনে ধেমাজি বজাৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন আৰু বিক্ৰী কৰি ৰাইজৰ পৰা আশাপদ সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷
এইক্ষেত্ৰত অদিতি গোঁহাই ফুকনে কয়, “আমাৰ নষ্ট হৈ যোৱা ফলমূলৰ পৰা কিন্বন প্ৰক্ৰিয়াৰে ‘আইচেং’ নামৰ থলুৱা ঔষধি গুণসম্পন্ন সুৰাবিধ প্ৰস্তুত কৰিছো । আমাৰ পেলনীয়া বিভিন্ন ফলমূল যেনে - ৰবাব টেঙা, অপৰাজিতা ফুল, নষ্ট হোৱা তৰমুজৰ পৰা প্ৰস্তুত কৰা হৈছে ।
লগতে পঢ়ক:Tea wine in Assam : প্ৰথমবাৰৰ বাবে চাহৰ পৰা প্ৰস্তুত কৰা ৱাইন লৈ সাজু উদ্যোগী আল্পনা শইকীয়া |
- সুৰা অপকাৰী নহয় উপকাৰিহে: