গুৱাহাটী, 19 মে’:পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী ৷ হেণ্ডকাফসহ থানাৰ পৰাই পলায়ন কৰিলে আচামীয়ে ৷ গমেই নাপালে স্মাৰ্ট অসম আৰক্ষীয়ে ৷ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ হাতীগাঁও থানাত ৷ দেওবাৰে হাতীগাঁও থানাৰ পৰা হেণ্ডকাফ লগাই থোৱা অৱস্থাতেই পলায়ন কৰে এটা আচামীয়ে । আৰক্ষীৰ সন্মুখতে থানাৰ পৰা আচামীৰ পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হাতীগাঁও আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই পলায়ন কৰিবলৈ সুবিধা পালে আচামীয়ে । দেওবাৰে পুৱাৰ ভাগত এটা ডকাইতিৰ গোচৰত আৰক্ষীয়ে আটক কৰিছিল লটিফ আলি নামৰ এজন যুৱকক । থানালৈ লৈ অহাৰ পিচতে আচামীটোৱে শৌচালয়লৈ যাব বিচাৰে
লটিফক শৌচাগাৰলৈ নিয়াৰ পিচতে আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফসহ থানাৰ পৰা দেৱাল পাৰ হৈ পলায়ন কৰে । লগে লগে হাতীগাঁও আৰক্ষী থানাত হুৱাদুৱা লাগে । পিছত আচামীক বিচাৰি হাতীগাঁও আৰক্ষীয়ে হাবাথুৰি খাই ফুৰে হাতীগাঁও আৰক্ষীৰ প্ৰতিজন লোক । বৰ্তমানলৈ পলাতক আচামীটোক আটক কৰিবলৈ সক্ষম হোৱা নাই হাতীগাঁও আৰক্ষী ।