নগাঁও, ৯ মাৰ্চ : গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ মুকলি কৰিব বটদ্ৰৱা প্ৰকল্পৰ । এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ'ব অসমবাসী । অহা ১৪ মাৰ্চত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । লগতে দ্বিতীয় পৰ্যায়ৰ কামৰো শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।
উল্লেখযোগ্য যে ২০২১ৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল । তেতিয়াৰে পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্যখচিত অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব । শনিবাৰে এই বটদ্ৰৱা প্ৰকল্পথলীত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিধায়ক ৰূপক শৰ্মাই পৰিদৰ্শন কৰে ।