নগাঁও/বিশ্বনাথ ৩ জুলাই:বানৰ কবলত পৰি লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে বুধবাৰে পুৱাৰ পৰাই এক আতংকময় পৰিবেশ সৃষ্টি কৰিছে নগাঁও জিলাত । এফালে বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাঘৰ মুক্ত বিচৰণক আতংকিত হৈ পৰিছে নগাঁৱৰ উত্তৰাঞ্চলৰ বাসিন্দা ।
নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ (ধিং ৰাজহ চক্ৰৰ ধিং থানাৰ অন্তৰ্গত) জনবসতি প্ৰধান এলেকাত এটা বাঘে বিচৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বাঘটো আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ (১) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।
এই নিষেধাজ্ঞা অনুসৰি উক্ত এলেকাত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ কৰা হৈছে । কোনো লোকে আগ্নেয়াস্ত্ৰ, মাৰাত্মক অস্ত্ৰ, ধনু-কাঁড় কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে । বাঘটো বিচৰণ কৰি থকা স্থানত কোনো ধৰণৰ চিঞৰ-বাখৰ বা উচ্চ শব্দ কৰা বা আন কোনো ধৰণে শান্তি-শৃংখলা ভংগ কৰা কার্যও নিষিদ্ধ কৰা হৈছে । তদুপৰি যিকোনো ব্যক্তিৰ দ্বাৰা পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলক অসুবিধা সৃষ্টি কৰা কাৰ্য, প্ৰতিৰোধ প্ৰদান কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে ৷ যাতে উক্ত বিষয়াসকলে বাঘটোক আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে ।
লগতে পঢ়ক:দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024
উল্লেখযোগ্য যে, বুধবাৰে পুৱাৰ পৰা মুক্ত বিচৰণ কৰি থকা বাঘটোক ট্ৰেংকুলাইজৰ জৰিয়তে অভয়াৰণ্যত মুকলি কৰি দিয়াৰ বাবে বন বিভাগে পুৱাৰ পৰা চেষ্টা অব্যাহত ৰাখিছে যদিও এই বাটৰ প্ৰস্তুত কৰা সময়লৈকে ট্ৰেংকুলাইজ কৰিব পৰা নাই বাঘটোক ।