অসম

assam

ETV Bharat / state

বিদ্যালয়ত চলিছে ছমহীয়া পৰীক্ষা, ১১ বজালৈকে শিক্ষকেই নাহিল - Allegation Against Teacher - ALLEGATION AGAINST TEACHER

Mechaki Tongani primary school: আজি আছিল ছমহীয়া পৰীক্ষা । ৰুটিন অনুসৰি পুৱাতেই পৰীক্ষা দিবলৈ বিদ্যালয়ত উপস্থিত হয় কণ কণ ছাত্ৰ-ছাত্ৰী । পিছে এজনো নাহিল শিক্ষাগুৰু । প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মীয়া উপস্থিতিৰ অভিযোগ ।

Mechaki Tongani Primary School
মেচাকী টঙানী প্ৰাথমিক বিদ্যালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 7:04 PM IST

জোনাই/ধেমাজি, ৩০ ছেপ্টেম্বৰ: চৰকাৰে শিক্ষা সংস্কাৰৰ নামত প্ৰণয়ন কৰিছে ইখনৰ পিছত সিখন আইন । বলবৎ কৰিছে ইটোৰ পিছত সিটো নীতি । কিন্তু প্ৰকৃততে শিক্ষাৰ নামত ভিতৰুৱা অঞ্চলৰ বিদ্যালয়সমূহত কি চলি আছে সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব । কাৰণ সোমবাৰে স্বয়ং শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিৰ এখন বিদ্য়ালয়ত অনুষ্ঠিত নহ'ল ছমহীয়া পৰীক্ষা ।

কেতিয়াবাহে বিদ্যালয়লৈ আহে প্ৰধান শিক্ষক:

চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ এক অতি ভিতৰুৱা অঞ্চলত অৱস্থিত মেচাকী টঙানী প্ৰাথমিক বিদ্যালয় । ১৯৪৬ চনতেই স্থাপন কৰা এই বিদ্যালয়খনে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে । বৰ্তমান বিদ্যালয়খনত চৰকাৰীভাৱে নিযুক্ত হৈ আছে চাৰিজনকৈ শিক্ষক । কিন্তু বিদ্যালয়লৈ নিয়মীয়াকৈ নাহে এজনো শিক্ষক । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিনোদ পেগু বিদ্যালয়লৈ কেতিয়াবাহে আহে । আন তিনিজন শিক্ষকৰো উপস্থিতি একেই ।

মেচাকী টঙানী প্ৰাথমিক বিদ্যালয় (ETV Bharat Assam)

শিক্ষক নহয়, উপস্থিত হ'ল বিদ্যালয়ৰ পৰিদৰ্শক :

বৰ্তমান বিদ্যালয়সমূহত চলি আছে ছমহীয়া পৰীক্ষা । শিক্ষা বিভাগে দিয়া ৰুটিন অনুসৰি সোমবাৰে পুৱাতেই পৰীক্ষা দিবলৈ বিদ্যালয়ত উপস্থিত হয় কণ কণ ছাত্ৰ-ছাত্ৰী । কিন্তু ১১ বজালৈকে বিদ্যালয়ত উপস্থিত নহ'ল এজনো শিক্ষক । বিদ্যালয়ত উপস্থিত হ'লগৈ খণ্ড সমল শিক্ষক, বিদ্যালয়ৰ পৰিদৰ্শক, শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱা স্বাস্থ্যকর্মীৰ দল । ইয়াৰ পিছতো উপস্থিত নহ'ল এজনো শিক্ষক ।

কণ কণ ছাত্ৰ- ছাত্ৰীসকলৰ জীৱনক লৈ এইদৰে হেতালি খেলা শিক্ষকৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে ক্ষুব্ধ ৰাইজে ।

লগতে পঢ়ক:চিৰাঙত চৰকাৰী বিদ্যালয়ৰ পয়ালগা অৱস্থা: ভাৰাতীয়া শিক্ষকেৰে চলে বিদ্যালয়ত পাঠদান - Chirang govt schools condition

মাজুলীত ৩১ খন বিদ্যালয়ৰ শ্মশান যাত্ৰা, সৰৱ ছাত্ৰ সন্থা - 161 schools to be closed in Assam

ABOUT THE AUTHOR

...view details