লখিমপুৰ, 30 জানুৱাৰী:গৃহৰক্ষী জোৱানক নিয়োগৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । সংবাদমেলত উক্ত দুৰ্নীতিৰ অভিযোগ উত্তাপন কৰিলে গৃহৰক্ষীৰ স্বেচ্ছাসেৱক কল্যাণ সন্থাই । মঙলবাৰে উক্ত অভিযোগ উত্থাপন কৰে গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ।
সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে মঙলবাৰে বিয়লি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে । সন্থাৰ সভাপতি বিদ্যুৎ দাস, সাধাৰণ সম্পাদক মনোৰঞ্জন পাতিৰ আদিয়ে এই অভিযোগ তোলে ।
সংবাদমেলত তেওঁলোকে কয় যে বর্তমান লখিমপুৰ জিলাত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক বাহিনীৰ সংখ্যা প্ৰায় ৯৫০ গৰাকী থকাৰ বিপৰীতে নিয়োজিত হৈ থাকিব পৰা পদৰ সংখ্যা প্ৰায় ৩০০ টা । ইয়াৰ পৰা প্ৰায় ৭০/৮০ গৰাকীক আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ অধীনত কিছুমান গুৰুত্বপূর্ণ স্থানত স্থায়ীভাৱে নিয়োজিত কৰি ৰখাৰ বিপৰীতে বাকী জোৱানসকলক ৬ মাহৰ পৰা এক বছৰ পৰ্যন্ত ঘৰত কৰ্মহীন হৈ বহি থাকিবলগীয়া হৈছে ৷
সংবাদমেলখনত তেওঁলোকে কয় যে বৰ্তমান সময়ৰ উপযোগী হোৱাকৈ সকলো গৃহৰক্ষী জোৱানক সম অধিকাৰে সমমর্যাদাৰে কৰ্তব্যত মোতায়নৰ ব্যৱস্থা বিভাগীয়ভাবে কৰিব লাগে । কিন্তু লখিমপুৰত বিভাগীয় বিষয়াৰ সহযোগিতাত বিভাগীয় ছফ্টৱেৰ চিষ্টেমৰ বিপৰীতে বিভাগীয় আমোলা-বিষয়াসকলে বিশৃংখল কৰি তেওঁলোকে মইমতালিৰে চলাই থকাৰ বাবে এচাম গৃহৰক্ষী জোৱানে বছৰ বছৰ ধৰি নিয়মিতভাৱে কৰ্তব্য কৰি আছে যদিও আন একাংশই ৬ মাহ, ১ বছৰ ধৰি ঘৰত বহি থাকিবলগীয়া হৈছে ।