নলবাৰী, ১৩ জুলাই: পুনৰ বিতৰ্কত নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় । নলবাৰীৰ সাৰথি হাস্পতালত পুনৰ ভুল চিকিৎসাৰ বলি হৈ এটি নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পিতৃ-মাতৃয়ে । যোৱা ৩ জুলাইত এইখন হাস্পতালত এটি শিশুৰ জন্ম হয় । নলবাৰীৰ জিতু হালৈয়ে তেওঁৰ পত্নীক ভৰ্তি কৰাইছিল এই চিকিৎসালয়খনত । সন্তানটো জন্ম হোৱাৰ পিচতেই চিকিৎসকে মাতৃ আৰু নৱজাতক দুয়ো সুস্থ বুলি কয় । কিন্তু এসপ্তাহ পিচত হাস্পতালতেই শিশুটি মৃত্য়ুমুখত পৰে ।
পিতৃ জিতু হালৈয়ে অভিযোগ উত্থাপন কৰি কয় যে শিশুটিৰ জন্মৰ কিছুসময় পিচত মাতৃ আৰু কন্যাশিশুটিক অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই কেবিনত থয় । তাৰ কিছু সময় পিচতেই শিশুটিয়ে মাকৰ গাখীৰ খাবলৈ মন নকৰাত নাৰ্ছক খবৰ দিয়ে বুলি কয় জিতু হালৈয়ে । উত্থাপিত অভিযোগ মতে, নৱজাতকৰ শৰীৰ ভালকৈ পৰিস্কাৰ কৰা হোৱা নাছিল । সেই অভিযোগ উত্থাপনৰ পিচতে নাৰ্ছে শিশুটিক মাতৃৰ ওচৰৰ পৰা লৈ যায় আৰু দুঘন্টামান পিচত চিকিৎসকে ভালকৈ পৰিস্কাৰ কৰি মাকৰ কোলাত ওভোতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু সেই দুঘন্টা গৈ দিন বাগৰিল । মাকৰ কোলালৈ পুনৰ ঘুৰি নাহিল এই শিশুটি ।