অসম

assam

ETV Bharat / state

বিধ্বস্ত নৰনাৰায়ণ সেতু মেৰামতিত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - Repairing of Naranarayan Setu

Naranarayan Setu : নৰনাৰায়ণ সেতু মেৰামতিত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ। ম্যাদ উকলি যোৱা পুৰণি তৰপৰ ওপৰতে নতুনকৈ ব্লেক টপিং স্থাপন। ন-পুৰণি ব্লেক টপিঙৰ অত্যধিক ওজনে সেতুখনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা।

Naranarayan Setu
দুৰ্নীতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 3:26 PM IST

নৰনাৰায়ণ সেতু মেৰামতিত দুৰ্নীতি

গোৱালপাৰা, 10 মাৰ্চ : গোৱালপাৰা-বঙাইগাঁও সংযোগী নৰনাৰায়ণ সেতু মেৰামতিত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ 1998 চনৰ 15 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰা, তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুখলপীয়া নৰনাৰায়ণ সেতু ৷ কিন্তু সময় বাগৰাৰ লগে লগে সেতুখন ক্ৰমশঃ এলাগী হ'বলৈ ধৰে ৷ সেতুখনৰ ৰেলিঙবোৰ অতি কম দিনৰ ভিতৰতে অংশভেদে বিধ্বস্ত হৈ পৰে ৷ ইয়াৰ কেইটামান বছৰৰ পিচতে সেতুখনৰ সৌন্দৰ্যকে ধৰি হ্ৰাস পায় সেতুখনৰ উচ্চ পোহৰৰ ব্যৱস্থা ৷

এইদৰে অনাদৃত হৈ পঁচিশটা বছৰ পাৰ কৰিলে সেতুখনে ৷ কিন্তু গাড়ী-মটৰ চলাচল কৰা অতি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ দ্বিতীয় খলপৰ ওপৰিভাগৰ বিশেষ ব্লেক টপিং (Mastic Asphalt) এবাৰো উপযুক্তভাৱে মেৰামতি কৰিবলৈ যত্ন নকৰিলে দায়িত্বৰত বিভাগে ৷ পৰিণতিত ক্ৰমশঃ বিধ্বস্ত হৈ পৰে 2.284 কিলোমিটাৰ দৈৰ্ঘৰ সেতুখনৰ দ্বিতীয় খলপৰ ওপৰিভাগৰ বিশেষ ব্লেক টপিং ৷ শেহতীয়াকৈ দলংখনৰ উপৰিভাগৰ বিশেষ ব্লেক টপিং নতুনকৈ স্থাপনৰ কাম পূৰ্ণগতিত চলোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু সুদীৰ্ঘ পঁচিশটা বছৰৰ মূৰত চলা এই মেৰামতিৰ কামত দায়িত্বৰত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ স্থানীয় একাংশ সচেতন ৰাইজৰ অভিযোগ মতে সেতুখনৰ অধিকাংশতে ঠিকাদাৰে ম্যাদ উকলি যোৱা পঁচিশ বছৰীয়া পুৰণি ব্লেক টপিঙৰ ওপৰতে নতুনকৈ ব্লেক টপিং স্থাপনৰ কাম চলাই আছে ৷ অৱশ্যে অংশভেদে পুৰণি তৰপসমূহ সম্পূৰ্ণভাৱে উঠাই ব্লেক টপিং স্থাপন কৰা পৰিলক্ষিত হৈছে ৷

ইফালে সেতুখনৰ মেৰামতি সন্দৰ্ভত ঠিকাদাৰে কোনো‌ তথ্যফলক অঁৰা পৰিলক্ষিত হোৱা নাই ৷ সেতুখনৰ উত্তৰ দিশ (যোগীঘোপা) আৰু দক্ষিণ দিশ (পঞ্চৰত্ন) ৰ অংশৰ কাম নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে গাড়ী-মটৰ চলাচল কৰা সেতুখনৰ দ্বিতীয় খলপৰ উপৰিভাগৰ কংক্ৰিটৰ এক নিৰ্দিষ্ট বহন ক্ষমতা আছে ৷ এই ক্ষেত্ৰত ম্যাদ উকলি যোৱা পুৰণি তৰপৰ ওপৰত নতুনকৈ ব্লেক টপিং কৰিলে ন-পুৰণি ব্লেক টপিঙৰ অত্যধিক ওজনে সেতুখনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক :নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত পেলাব ইতিবাচক প্ৰভাৱ : সৰ্বা-চন্দ্ৰমোহন

ABOUT THE AUTHOR

...view details