অসম

assam

ETV Bharat / state

চৰকাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ কংগ্ৰেছ অৰু তৃণমূল কংগ্ৰেছৰ - Lok Sabha election 2024

BJP Alleged to Violate MCoC : দল দুটাৰ অভিযোগ, নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ পিচতো চৰকাৰে অসমৰ বিভিন্ন ঠাইত চৰকাৰী আঁচনিৰ বিজ্ঞাপনৰ হৰ্ডিং, বেনাৰ আদি স্থাপন কৰি ৰাখিছে । লগতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো বিজ্ঞাপন দি আঁৰি থৈছে ।

চৰকাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ
চৰকাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 12:02 PM IST

Updated : Mar 18, 2024, 12:37 PM IST

গুৱাহাটী, ‌১৮ মাৰ্চ :লোকসভা নিৰ্বাচনৰ বাবে দেশৰ‌ নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰিছে । এই আচৰণ বিধি অসমত শাসকীয় পক্ষ তথা বিজেপি দলে ভংগ কৰা বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু অসম তৃণমূল কংগ্ৰেছে । অসমত বিজেপি দলে তথা চৰকাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ সোমবাৰে পত্ৰ প্ৰেৰণ কৰিছে ।

নিৰ্বাচন আয়োগলৈ তৃণমূলৰ পত্ৰ

পত্ৰত তেওঁলোকে অভিযোগ কৰি কয় যে দেশৰ‌ নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ পিচতো চৰকাৰে অসমৰ বিভিন্ন ঠাইত চৰকাৰী আঁচনিৰ বিজ্ঞাপনৰ হৰ্ডিং, বেনাৰ আদি স্থাপন কৰি ৰাখিছে । লগতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো বিজ্ঞাপন দি আঁৰি থৈছে । এইবোৰ আঁতৰ‌ কৰা‌ হোৱা নাই । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে দাবী জনায় ।

নিৰ্বাচন আয়োগলৈ তৃণমূলৰ পত্ৰ

উল্লেখ্য, দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হয় । আচৰণ বিধিয়ে যিকোনো প্ৰকাৰে ভোট প্ৰভাৱিত কৰিব পৰা কাৰ্যকলাপ নিষিদ্ধ কৰে । যেনে, এই সময়ছোৱাত সাৰ্বজনিক উদঘাটন বা আধাৰশিলা স্থাপন কৰিব নোৱাৰিব, নতুন কামৰ স্বীকৃতি বন্ধ কৰা হ’ব, চৰকাৰী আচঁনিসমূহৰ হৰ্ডিং লগাব নোৱাৰিব । ইয়াৰ উপৰি সংশ্লিষ্ট সমষ্টিত শাসকীয় ৰেলী কৰিব নোৱাৰিব, এই সময়ছোৱাত চৰকাৰী বাহনবোৰে চাইৰেন লগাব নোৱাৰিব ।

আনহাতে, চৰকাৰী আঁচনিৰ হৰ্ডিংসমূহ আঁতৰ কৰা হ’ব, চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, ৰাজনৈতিক ব্যক্তিৰ ফটো নিষিদ্ধ কৰা হ’ব । উল্লেখ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব । ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অসমৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ'ব । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং-ওদালগুৰি, ডিফু (এছ টি), কৰিমগঞ্জ, শিলচৰ (এছ চি) আৰু নগাঁৱত । আনহাতে, ৭ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বৰপেটা, কোকৰাঝাৰ (এছ টি), ধুবুৰী আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদী কেৱল এখন মুখা, ইভিএম অবিহনে নিৰ্বাচন জিকিব নোৱাৰে; ৰাহুল গান্ধী

Last Updated : Mar 18, 2024, 12:37 PM IST

ABOUT THE AUTHOR

...view details