অসম

assam

ETV Bharat / state

জল জীৱন মিছনৰ পৰা পানী পোৱা বুলি মন্ত্রী জয়ন্ত মল্লবৰুৱাই মিছা মন্তব্য কৰিছে : জীৱন ৰাজখোৱা

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ বিৰোধীতা সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সম্পাদক জীৱন ৰাজখোৱাৰ । সংবাদমেলত দাঙি ধৰিলে তথ্য ।

All Assam Unemployment Association alleges failure of Jal Jeevan Mission in Assam
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ বিৰোধীতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 1:22 PM IST

লখিমপুৰ:"জল জীৱন মিছন সন্দৰ্ভত মন্ত্রী জয়ন্ত মল্লবৰুৱাই মিছা মাতিছে । জল জীৱন মিছনৰ পৰা ৮১ শতাংশ লোকে পানী পোৱা নাই । মিছনৰ ৮০ শতাংশ কাম সম্পূর্ণ হৈছে যদিও এই শতাংশ কামৰ পৰা ৰাইজে সম্পূর্ণ পানী পোৱা নাই । মন্ত্রী জয়ন্তমল্ল বৰুৱাই জল জীৱন মিছনৰ পৰা অসমৰ ৮১ শতাংশ লোকে পানী পাইছে বুলি মিছা মাতিছে ।" এই অভিযোগ সদৌ অসম নিবনুৱা সন্থাৰ ।

সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই লখিমপুৰত বৃহস্পতিবাৰে প্ৰকাশ কৰে এই প্ৰতিক্ৰিয়া । উল্লেখ্য দুদিনমানৰ পূৰ্বে লখিমপুৰ লৈ অহা মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ প্ৰশ্ন ৰ উত্তৰ দি জল জীৱন মিছনৰ পৰা অসমৰ ৮১ শতাংশ লোকে পানী পাইছে বুলি বক্তব্য প্ৰকাশ কৰিছিল । বৃহস্পতিবাৰে মন্ত্রীগৰাকীৰ সেই মন্তব্যৰ আত ধৰি নিবনুৱা সন্থাৰ কেন্দ্রীয় সম্পাদকগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ বিৰোধীতা (ETV Bharat Assam)

সন্থাৰ তৰফৰ পৰা লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি তেওঁ অসমত জল জীৱন মিছনৰ বিষয়ে প্ৰকাশ কৰি কয়, "কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়ালকে বিশুদ্ধ পানী যোগান ধৰাৰ বাবে জল জীৱন মিছন নামেৰে অভিলাষী এই আঁচনিখন গ্রহণ কৰিছিল । অসমতো এই আঁচনিখন আৰম্ভণিতে সুন্দৰকৈ ৰূপায়ণ কৰা হৈছিল যদিও কালক্ৰমত কামসমূহ স্থবিৰ হৈ পৰিছিল । কেন্দ্ৰীয় চৰকাৰে অসমত ৭১,৬৭,৮৮৬ টা পৰিয়ালক পানী সংযোগ দিবৰ বাবে অনুমোদন জনায় । কিন্তু ০৫-০৯-২০২৪ তাৰিখলৈকে ৫৮,০০,৩৩৩টা পাইপ বহুওৱা হয় অর্থাৎ জনসাধাৰণে পানী পাই আছে বুলি চৰকাৰী তথ্যত প্রকাশ যদিও বাস্তৱ ক্ষেত্রত ইমান সংখ্যক জনসাধাৰণে পানী পাবলৈ সক্ষম হোৱা নাই ।"

তেওঁ লগতে কয়, "কাম সম্পূর্ণ হোৱা একাংশ আঁচনি এমাহ বা দুমাহ পানী যোগান ধৰি বিভিন্ন অজুহাত দি পানী যোগান বন্ধ কৰি ৰখা বহু তথ্য আমাৰ হাতত আছে । অন্যহাতেদি ১৩,৬৭,৫৫৩টা পাইপ এতিয়াও বহুৱাবলৈ বাকী আছে বুলি তথ্যত প্রকাশ কৰিছে । এতিয়ালৈকে অসমত ৭,৭৫২ টা জল জীৱন মিছনৰ কাম সম্পূর্ণ হৈছে যদিও ৪,০৪৭ টাত ভালদৰে পানী পাই আছে কিন্তু সম্পূর্ণ হোৱা ৩,৭০৫ টা আঁচনিয়ে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই ।"

"২০১৯ চনৰ পৰা বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে ১৫,৯৮৭.২ কোটি টকা আৱণ্টন দিয়াৰ বিপৰীতে অসম চৰকাৰে অংশ ১৭৬২.৬৯ কোটি টকা মুকলি কৰি দিয়ে । কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ সৰ্বমুঠ টকাৰ পৰিমাণ ১৭,৭৪৯,৯০ কোটি টকা ০৫-০৯-২০২৪ তাৰিখলৈকে মুকলি কৰি দিয়ে আৰু ০৫-০৯-২০২৪ তাৰিখলৈকে ঠিকাদাৰ সকলে ১৭,৩১৬,৩৮ কোটি টকা পালে আৰু চৰকাৰৰ ঘৰত মাত্র ৪৩৩,৫২ কোটি টকা জমা আছে । কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ১৭,৭৪৯,৯০ কোটি টকা মুকলি কৰি দিয়াৰ পাছতো অসম চৰকাৰে এই আঁচনিখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে ।" -জীৱন ৰাজখোৱা ।

তেওঁ সদৌ অসম নিবনুৱা সন্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক অসম জলজীৱন মিছন আঁচনিখন বিফল হোৱাৰ কাৰণসমূহৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় । সংবাদমেলখনত তেওঁ আৰু কয়, "জল জীৱন মিছন আঁচনিখন ২০২৪ চনৰ মাৰ্চ মাহত সম্পূৰ্ণ হ'ব লাগিছিল যদিও অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ পৰা আঁচনিখন সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্তভাৱে আগষ্ট মাহলৈ সময়সীমা বিচাৰে । কিন্তু এই অতিৰিক্ত সময় সীমা অতিক্ৰম কৰাৰ পাছতো আজিকোপতি আঁচনি সম্পূর্ণ কৰিব পৰা নাই ।"

ইয়াৰ কাৰণসমূহ উল্লেখ কৰে তেওঁ কয়"ইয়াৰ মূলতঃ জলজীৱন মিচনৰ অসমৰ প্ৰকল্প সঞ্চালকগৰাকী জগৰীয়া । তেওঁৰ দুৰ্বল ভূমিকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ঠিকাদাৰসকলে কাম সম্পাদন কৰাত ব্যৰ্থ হ'ল । যিহেতু কাম আৱণ্টন দিওতে পুৰণা কামত ৯০ দিন আৰু নতুন কামত ১৮০ দিন কাম সম্পূৰ্ণ কৰিবৰ বাবে দিন ধার্য কৰি দিছিল । কিন্তু নির্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূর্ণ নকৰা ঠিকাদাৰসকলক কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ নকৰাৰ ফলতেই আঁচনিখন সম্পূর্ণরূপে বিফল হ'ল ।"

লগতে ৰাজখোৱাই কয়, "বহু নিবনুৱা যুৱকে কর্ম সংস্থাপনৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগত নাম পঞ্জীয়ন কৰি জলজীবন মিছনৰ কাম আৰম্ভ কৰিছিল।সেই সকল যুৱকে প্রাপ্য ধন নোপোৱাটো এক দূর্ভাগ্যজনক । বৰ্তমান অসম চৰকাৰৰ ওচৰত ৪৩৩.৫২ কোটি টকা জমা আছে । কিন্তু ঠিকাদাৰসকলে প্রায় হাজাৰ কোটিৰ ওপৰত প্ৰাপ্য ধন পাব লগা আছে । দুর্ভাগ্যজনক কেন্দ্ৰীয় চৰকাৰে অসমক কোনোধৰণৰ নতুনকৈ ধন আবণ্টন নিদিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ।"

লগতে পঢ়ক:জলজীৱন মিছনৰ ঠিকাৰ ধন নাপাব একাংশ ঠিকাদাৰে; জানি লওক সবিশেষ

অসমৰ এখনো জিলাত সম্পূৰ্ণ নহ'ল জলজীৱন মিছনৰ এশ শতাংশ কাম

ABOUT THE AUTHOR

...view details