অসম

assam

ETV Bharat / state

স্মাৰ্ট মিটাৰ স্থাপন বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী: সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থা - smart meter controversy in Assam - SMART METER CONTROVERSY IN ASSAM

Protest against smart meter : সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব দিছে । কিন্তু চৰকাৰ আঁকোৰগোজ হৈ আছে স্মাৰ্ট মিটাৰৰ পক্ষত । এইবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থা । অসম চৰকাৰৰ হঠকাৰী আৰু জনবিৰোধী সিদ্ধান্তৰ বিষয়ে বৃহৎ গণ আন্দোলনৰ হুংকাৰ দিছে সন্থাটোৱে ।

Protest Against Smart Meter
স্মাৰ্ট মিটাৰ প্ৰসংগত সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:41 PM IST

গুৱাহাটী, ২৭ আগষ্ট : বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ স্বাৰ্থত ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপনৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে । এই অভিযোগ সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাৰ (All Assam Electricity Consumers Association) ।

স্মাৰ্ট মিটাৰ স্থাপন বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী (ETV Bharat Assam)

সন্থাৰ ৰাজ্যিক আহ্বায়ক অজয় আচাৰ্যই এই সন্দৰ্ভত কয়, "কনজিউমাৰ্ছ এছোচিয়েচনে আৰম্ভণিৰে পৰাই কৈ আহিছে যে এই স্মার্ট মিটাৰ সম্পূৰ্ণৰূপে জনবিৰোধী আৰু বিদ্যুৎ গ্রাহকসকলৰ স্বাৰ্থৰ পৰিপন্থী । বর্তমানৰ ডিজিটেল মিটাৰসমূহ এশ শতাংশ সক্ষম হৈ থকা সত্ত্বেও ডিজিটেল মিটাৰসমূহক পৰিত্যক্ত কৰি ৰাজকোষৰ লাখ লাখ কোটি টকা খৰচ কৰি স্মার্ট মিটাৰ স্থাপন কৰা হৈ আছে । এয়া একমাত্র বৃহৎ কর্প'ৰেট গোষ্ঠীক সন্তুষ্ট কৰাৰ স্বাৰ্থত ।"

তেওঁ লগতে অভিযোগ কৰে, "প্রিপেইড স্মার্ট মিটাৰ স্থাপন প্রক্রিয়াৰ যোগেদি চৰকাৰী বিদ্যুৎ বিতৰণ ব্যৱস্থাক অতি দ্রুতগতিত বেচৰকাৰী কোম্পানীৰ হাতলৈ গতাই দিয়াৰ এক চক্রান্ত কৰা হৈছে । প্রিপেইড স্মার্ট মিটাৰ ব্যৱস্থাৰ যোগেদি চৰকাৰে গ্রাহকসকলৰ পৰা বিদ্যুৎ সেৱা লাভ কৰাৰ পূৰ্বেই মাচুল আদায় কৰি আছে । অর্থাৎ গ্রাহকসকলে সেৱা লাভৰ কাৰণে আগতীয়াকৈ ধন দিছে, অথচ দিনটোত ঘণ্টাৰ পিচত ঘণ্টা চৰকাৰে বিদ্যুৎ যোগান ধৰা নাই ।"

কোন কোন ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন বন্ধ কৰিছে ?

উল্লেখ্য যে ভাৰতৰ অন্যান্য ৰাজ্যতো স্মার্ট মিটাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত হৈ আহিছে । কিন্তু অসমৰ দৰে ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি কোনো ৰাজ্যতেই স্মার্ট মিটাৰ স্থাপন অতি ক্ষিপ্রগতিত আগবঢ়া নাই । গুজৰাটত চৰকাৰৰ অনুমোদিত ১,৬৫,১০,৮৫০ টা স্মার্ট মিটাৰৰ ভিতৰত মাত্র ৮৮,০০০ স্থাপন কৰি চৰকাৰে এতিয়া বন্ধ কৰি দিছে ।

আনহাতে, উত্তৰপ্ৰদেশত ৩,০৯,৭৮,২৮০ টাৰ ভিতৰত মাত্র ১১, ৮৬, ৯৫৩ টা, মহাৰাষ্ট্ৰত ২,৩৫, ৬৪,৭৪৭ টাৰ ভিতৰত মাত্র ২,৬২,৭০৫ টা, ৰাজস্থানত ১,৪৯,০০৫২৭ টাৰ ভিতৰত মাত্র ৬,১৪,৩০৭ টা আৰু মধ্যপ্রদেশত ১,৩৪,৪৪,৪০১ টাৰ ভিতৰত মাত্র ১১,১৪,৮২৫ টা স্মার্ট মিটাৰ এতিয়ালৈকে স্থাপন কৰা হৈছে ।

অসমত কিমান স্মাৰ্ট মিটাৰ স্থাপন হৈছে ?

সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাৰ আহ্বায়কগৰাকীয়ে প্ৰকাশ কৰা তথ্যমতে, অসমত ৬৫ লাখ বিদ্যুৎ গ্ৰাহক আছে । ইয়াৰে ভিতৰত ২৫ লাখৰো বেছি স্মাৰ্ট মিটাৰ ইতিমধ্যেই স্থাপন কৰা হৈছে । সন্থাটোৱে প্ৰকাশ কৰা মতে, এ পি ডি চি এলৰ মুঠ ৰাজহৰ মাত্র ২০ শতাংশহে ঘৰুৱা গ্রাহকৰ পৰা আহে । ইয়াৰ বিপৰীতে ৮০ শতাংশ ব্যৱসায়িক, ঔদ্যোগিক, চৰকাৰী আৰু অন্যান্য শ্রেণীৰ পৰা আহে ।

তাৎপর্যপূৰ্ণভাৱে এ পি ডি চি এলৰ মুঠ গ্রাহকৰ প্রায় ৮০ শতাংশ ঘৰুৱা শ্রেণীৰ বিপৰীতে ঔদ্যোগিক, চৰকাৰী আৰু ব্যৱসায়িক শ্রেণীৰ গ্রাহকৰ সংখ্যা ২০ শতাংশহে । কেৱল স্মার্ট মিটাৰৰ বজাৰখন সম্প্ৰসাৰণৰ স্বার্থতহে অসমত স্মার্ট মিটাৰ সংস্থাপনৰ ক্ষেত্ৰত ঘৰুৱা শ্রেণীৰ গ্রাহকক লক্ষ্য কৰি লোৱা হৈছে, যিটো ভাৰতৰ আন ৰাজ্যত হোৱা নাই ।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি, চৰকাৰী কাৰ্যালয়সমূহ, ঔদ্যোগিক আৰু ব্যৱসায়িক ক্ষেত্রত প্রি-পেইড মিটাৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে । কিন্তু কেন্দ্রীয় চৰকাৰৰ নির্দেশনা উলংঘা কৰি অসমত ঘৰে ঘৰে সংস্থাপন কৰা হৈছে প্রি-পেইড মিটাৰ । আশ্চৰ্যজনকভাৱে চৰকাৰী কাৰ্যালয়, ঔদ্যোগিক আৰু ব্যৱসায়িক ক্ষেত্রসমূহত এতিয়াও স্মাৰ্ট মিটাৰ স্থাপন কৰা হোৱা নাই ।

এই ব্যৱস্থাক চূড়ান্তভাৱে অন্যায় আৰু গ্রাহকৰ স্বার্থবিৰোধী কার্য বুলি অভিহিত কৰে সন্থাটোৱে । চৰকাৰে এ পি ডি চি এলৰ বিদ্যুৎ যোগান ব্যৱস্থাৰ অন্যান্য দিশসমূহৰ কোনো সংস্কাৰ নকৰি বৰং আওপুৰণি ব্যৱস্থাটো বাহাল ৰাখি কেৱল মিটাৰক লৈ উঠি-পৰি লাগিছে বুলিও সন্থাটোৱে উল্লেখ কৰে ।

সন্থাটোৰ আহ্বায়কগৰাকীয়ে লগতে কয়, "ইতিমধ্যে সমগ্র ৰাজ্যতে স্মার্ট মিটাৰৰ বিৰুদ্ধে গণ আন্দোলনক শক্তিশালী কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্রহণ কৰিছো । অহা দুমাহজুৰি জিলাই জিলাই গণসংযোগ, ৰাইজক ঐক্যবদ্ধ কৰি বিক্ষোভ প্রদর্শন, ধর্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । ১১ ছেপ্টেম্বৰত গুৱাহাটীত বিজুলী ভৱনলৈ অভিযান চলোৱা হ'ব ।"

লগতে পঢ়ক :প্ৰসংগ স্মাৰ্ট মিটাৰ : মুখ্যমন্ত্ৰী গণবিচ্ছিন্ন হোৱা বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - APDCL Smart Meter Issue
লগতে পঢ়ক :স্মাৰ্ট মিটাৰে আতিশয্য চলোৱাৰ অভিযোগত সৰুপথাৰত উত্তাল প্ৰতিবাদ - Smart Electricity Meter

ABOUT THE AUTHOR

...view details