অসম

assam

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল - AKRASU press conference in bijni

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 8:14 AM IST

Demand For Tribalisation: বিগত সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে । এইবাৰ তৃতীয়টো কাৰ্যকালত জনজাতিকৰণ কৰিবলৈ সংবাদমেলযোগে আহ্বান আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিত ৰায়ৰ ।

AKRASU press conference in bijni demanding for tribalization and reformation of separate kamatapur state
জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল (ETV Bharat Assam)

চিৰাং, 9 জুন : দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা এন ডি এ মিত্ৰজোঁটক কমতাপুৰ পিপুলচ্‌ ফ্ৰণ্টে প্ৰেছ বিবৃতিযোগে আন্তৰিক শুভেচ্ছা জনায় । কমতাপুৰ পিপুলচ্‌ ফ্ৰণ্টৰ কাৰ্যকৰী সভাপতি তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে শনিবাৰে বিয়লি বিজনীত এক সংবাদমেল সম্বোধন কৰে ৷

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল (ETV Bharat Assam)

সংবাদমেলত ৰায়ে কয়, "বিগত 2014 চনৰ লোকসভা নিৰ্বাচনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ কাকৈজানাত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত হৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিলেই অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰতে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেইদৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াই নহয় কোচ-ৰাজবংশী দল-সংগঠনৰ কেবাখনো সভা অনুষ্ঠিত কৰিছিল ৷’’

‘‘কিন্তু দুখৰ বিষয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰৰ দুটাকৈ কাৰ্যকাল উকলি গ’ল, অসমতো চৰকাৰ পৰিৱৰ্তন হ’ল, যদিও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ।’’ ৰায়ে কয় ৷

কোচ ৰাজবংশী নেতা বিশ্বজিৎ ৰায়ে সংবাদমেলত কয়, "তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ পৰা ৰাজ্যসভাত পৰি থকা জনজাতিকৰণৰ বিধেয়কখন ৰাজ্যসভা আৰু লোকসভাত গৃহীত কৰি কোচ ৰাজবংশীসকলৰ ভৱিষ্যত সাংবিধানিকভাবে সুৰক্ষিত কৰিব । অন্যাথা ঐতিহাসিক জনগোষ্ঠীটো অসমত ৰাজনৈতিকভাবে নিঃশেষ হৈ যাব ৷ একেদৰে আমি আশাবাদী অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদখনক ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব ।"

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আহ্বান জনায় ।

লগতে পঢ়ক:বিজনীত ইউ পি পি এল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বাইক ৰেলী - Lok Sabha elections 2024

ABOUT THE AUTHOR

...view details