অসম

assam

ETV Bharat / state

অখিল গগৈয়ে লুৰীণজ্যোতি-গৌৰৱ গগৈক পৰাজিত কৰিবলৈহে কাম কৰি আছে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

অখিল গগৈক শকুনিৰ লগত তুলনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । বিশাল পদযাত্ৰা বাহিৰ কৰি মৰিয়নীত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ । চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister Jayantamalla Baruah campaigned for Tapan Kumar Gogoi in Mariani
তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:54 PM IST

তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

মৰিয়নী,১০ এপ্ৰিল: চমু চাপিছে নিৰ্বাচনৰ দিন । দিন চমু চাপি অহাৰ লগে লগে বিৰোধী তথা শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকল ব্যস্ত পৰিছে নিৰ্বাচনী প্ৰচাৰত । ভোটাৰৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল । মৰিয়নীৰ দিছৈ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই চলালে নিৰ্বাচনী প্ৰচাৰ । মঙলবাৰে বিয়লি মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসলৰ লগত মত বিনিময়ৰ কৰাৰ লগতে তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয় ।

আগন্তুক দিনবোৰত শ্ৰমিকসকলৰ অভাৱ অভিযোগসমূহ পূৰ কৰাৰ তথা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে যোৰহাট লোকসভা সমষ্টিৰ BJP প্ৰাৰ্থী তপন কুমাৰ গগৈ আঢ়ৈ লাখৰ পৰা তিনিলাখৰ ভোটৰ ব্যৱধানত অনায়াসে জয় লাভ কৰিব আৰু মৰিয়নি সমষ্টিত পূৰ্বতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিত যিমান ভোটত লীড লৈছিল, তাতকৈ ১৫ হাজাৰ পৰা ২০ হাজাৰ অধিক ভোটত তপন কুমাৰ গগৈয়ে লীড ল'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে তেওঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈক শকুনিৰ লগত তুলনা কৰি অখিল গগৈয়ে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক পৰাজিত কৰাৰ বাবেহে কাম কৰি আছে বুলি কয় । তাৰ পিচতেই মৰিয়নী নগৰত হোৱা এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । মৰিয়নীত হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ তৰফৰ পৰা মঙলবাৰে বিয়লি মৰিয়নী নগৰৰ মাজ মজিয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বহু সংখ্যক BJP কৰ্মীৰ সৈতে এক বিশাল পদযাত্ৰাত অংশ গ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক:বিয়াগোম লোকসভা নিৰ্বাচনত কোটিপতিৰ বিপৰীতে হাজাৰপতি প্ৰাৰ্থী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details