ধুবুৰী, ১৬ জুলাই : অসমৰ বান সমস্যাক লৈ সৰৱ বিধায়ক অখিল গগৈ । বিগত কেইটামান দিনৰে পৰা ধুবুৰীৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ বুজ লৈছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে । ধুবুৰীত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা অখিল গগৈৰ । অসমৰ বান আৰু খহনীয়াৰ সমস্যাক লৈ চৰকাৰৰ যথাযোগ্য সঁহাৰি নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে কয়, বিজেপি চৰকাৰখনে নামনি অসমৰ প্ৰতি বেছি অন্যায় কৰিছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ লৈছে । কিন্তু তেনে ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ এই মুহূৰ্তলৈকে জলসম্পদ মন্ত্ৰী অহা নাই, মুখ্যমন্ত্ৰীও অহা নাই বুলি অভিযোগ কৰে অখিল গগৈয়ে । এইক্ষেত্ৰত বিজেপি চৰকাৰে সাংঘাতিক অন্যায় কৰিছে বুলি তেওঁ মন্তব্য কৰি কয় যে এয়া ইচ্ছাকৃত অন্যায় ।
আনহাতে, চৰকাৰে যদি বানমুক্ত অসম কৰিব খোজে, তেন্তে অসমক শদিয়াৰ পৰা ধুবুৰীলৈকে বানমুক্ত কৰিব লাগিব বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ । নামনি অসমৰ জিলাকেইখন বানত ডুবাই ৰাখিলে কেনেকৈ অসম বানমুক্ত হ'ব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
ইফালে মথাউৰিৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয় যে অসমত পাঁচ হাজাৰ কিলোমিটাৰ মথাউৰি পূৰ্বৰে পৰা আছে । বিজেপি চৰকাৰৰ দিনত মাত্ৰ ২১৭ কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰিয়েই ফিতাহি মাৰি থাকে চৰকাৰখনে । ১৯৫৪ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত নিৰ্মাণ হোৱা ৫ হাজাৰ কিলোমিটাৰ মাথাউৰি আজি দুৰ্বল । কিন্তু সেই দুৰ্বল মাথাউৰিৰ কাম চৰকাৰে কিয় কৰিব পৰা নাই বুলি ওলোটাই চৰকাৰক প্ৰশ্ন কৰে অখিল গগৈয়ে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে বানমুক্ত অসমৰ নামত ৰাইজক আঁভুৱা-ভাৰিছে বুলি তেওঁ উল্লেখ কৰে । ইফালে জলসম্পদ মন্ত্ৰীক নামনি অসমৰ বান পৰিস্থিতিৰ শীঘ্ৰেই বুজ ল'বলৈ আহ্বান জনায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ।
বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে । আজমল সন্দৰ্ভত অখিল গগৈয়ে কয় যে তেওঁলোকৰ ব্যক্তিগত লাভালাভৰ বাবে বিজেপিক বিভিন্ন সময়ত ভোট দিয়ে । আজমল এজন ৰাজনীতিৰ বেপাৰী । আজমলৰ বেপাৰত ঘাটি খাইছে । চিৰদিনৰ বাবে ঘাটি খাইছে । আজমল এতিয়া অপ্ৰাসংগিক । ২০২৬ চনত সাম্প্ৰদায়িক যুগ শেষ হ'ব বুলিও অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।