অসম

assam

ETV Bharat / state

অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন: ধেমাজিত আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ - AJYP protest - AJYP PROTEST

AJYP protest: ধেমাজি জিলাত অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ অব্যাহত আছে । দুষ্টচক্ৰই অৰুণাচলী সুৰাৰ বটলত অসমৰ লেবেল লগাই বিক্ৰী কৰি আছে । আবকাৰী বিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ।

AJYP protest
ধেমাজিত আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 8:43 PM IST

ধেমাজি,৩ আগষ্ট :ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে সুৰাৰ অবৈধ সৰবৰাহ । দুষ্টচক্ৰই বিভিন্ন স্থানত সুৰাৰ এই অবৈধ বেহা চলাই গৈছে । একেদৰে দুষ্টচক্ৰই চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও অসমৰ মাজেৰে সুৰাৰ সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ধেমাজিত বিলাতী সুৰাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলী সুৰাৰ অবৈধ প্ৰচলন অব্যাহত আছে ৷ কিন্তু এইক্ষেত্ৰত নিৰ্বিকাৰ জিলা আবকাৰী বিভাগ । বিয়াগোম আবকাৰী বিভাগৰ চকুৰ সন্মুখতে দুষ্টচক্ৰই অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । কিন্তু বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন ।

ধেমাজিত আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)

অৰুণাচলী সুৰাৰ প্ৰচলন :

অসাধু চক্ৰৰ সৈতে মিতিৰালি কৰি অৰুণাচলী সুৰাৰ বটলত অসমৰ লেবেল লগাই অসমৰ সুৰা বেণ্ড হিচাপে বিক্ৰী কৰি মুনাফা লাভ কৰাৰ অভিযোগো উঠিছে । যাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে শনিবাৰে দিনৰ ১১ বজাত ধেমাজি আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আবকাৰী বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক প্ৰতিবাদীয়ে আবকাৰী বিভাগ আৰু বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়ে ।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ :

সংগঠনটোৱে দাবী কৰা মতে ধেমাজিৰ বিভিন্ন প্ৰান্তত সুৰাৰ মুকলি বেহা আৰম্ভ কৰি চৰকাৰে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়েহে এনেধৰণৰ কাৰ্যকলাপ শীঘ্ৰে বন্ধ কৰিবলৈ সংগঠনটোৱে চৰকাৰক দাবী জনায় । ধেমাজি আবকাৰী বিভাগে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে আগন্তুক দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলিও দাবী জনাইছে ।

লগতে পঢ়ক :পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে পুনৰ কাজিৰঙাত প্ৰতিবাদ - Protest in Kaziranga

ABOUT THE AUTHOR

...view details