নগাঁও, 18 জুলাই : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অসমৰ জাতীয় দল-সংগঠনসমূহ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু এই আইনবিৰোধী আন্দোলন সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাচতেই জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে ৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰিছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷
বৃহস্পতিবাৰে নগাঁৱতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰ তথা ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি ৷ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা দ্বীপমনি বড়াই কেন্দ্ৰৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷