নগাঁও, ২ ছেপ্টেম্বৰ : নগাঁৱৰ জিলা পুথিভঁৰালত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ দেওবাৰে সামৰণি পৰে । অধিবেশনৰ অন্তিম দিনা সংগঠনটোৰ নেতৃত্বই গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ।
নগাঁৱত AJYCPৰ মধ্যকালীন অধিবেশনৰ সমাপ্তি (ETV Bharat) - AJYCPয়ে গ্ৰহণ কৰা প্ৰস্তাৱ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ ভিতৰত অন্যতম হৈছে শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা ভূমি সংক্ৰান্তীয় আইনখন সমগ্ৰ অসমতে প্ৰযোজ্য হোৱাকৈ পুনঃবিবেচনা কৰা । এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে কয়, "ভূমি সম্পৰ্কীয় আইনখন কেৱল বৰপেটা আৰু নগাঁৱৰ বৰদোৱা সত্ৰক সামৰি কৰা হৈছে । সেই আইন সমগ্ৰ অসমৰ বাবে প্ৰযোগ্য কৰিব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে ।"
ৰাজ্যৰ জাতীয় জীৱনলৈ বহু বৰঙণি আৰু অৱদান আগবঢ়োৱা জাতীয় বিদ্যালয়সমূহক চৰকাৰী অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাপতিগৰাকীয়ে জনোৱা মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ দাবীও জনোৱা হৈছে । সংগঠনটোৰ মধ্যকালীন অধিৱেশনত এইমছৰ পৰা বঞ্চিত নগাঁৱত এইমছৰ অনুৰূপ মানদণ্ডৰ এখন আইআইএম স্থাপনৰ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।
একেদৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ এমএছপি নিৰ্ধাৰণৰ দাবীও জনোৱা হৈছে । বিটিআৰ অঞ্চলত বড়োসকলক চৰকাৰে সুবিধা প্ৰদান কৰিবলৈ যাওঁতে অন্যান্য খিলঞ্জীয়া লোকসকল যাতে বঞ্চিত নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈও সংগঠনটোৱে দাবী জনায় ।
ইফালে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিম বুলি নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি চৰকাৰে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰিবলৈও আহ্বান জনাই সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে । জানিব পৰা মতে চৰকাৰী কাৰ্যালয়ৰ জাননীসমূহ অসমীয়া ভাষাত লিখাৰ বাবে এক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
- নিষ্ঠাবান কৰ্মীৰ আকস্মিক মৃত্যু
নগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ মাজতে এক শোকৰ খবৰ । অধিৱেশনৰ অন্তিম দিনা সংগঠনটোৰ বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ নিষ্ঠাবান কৰ্মী আনন্দ দাসৰ মৃত্যু হয় । নগাঁৱত চলি থকা পৰিষদৰ মধ্যকালীন অধিৱেশনত যোগদান কৰিবলৈ অহা আনন্দ দাস শনিবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰ সময়ত আকস্মিকভৱে অসুস্থ হৈ পৰাৰ পিচত সন্ধিয়া দাসক প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কিন্তু দেওবাৰে পুৱা আনন্দ দাসৰ পৰলোকপ্ৰাপ্তি ঘটে । দাসৰ মৃত্যুত সংগঠনটোৱে গভীৰ শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক :কেৱল বৰপেটা আৰু বৰদোৱা সত্ৰ সুৰক্ষিত হ'লেই নহ'ব : পলাশ চাংমাই - Land Law Amendment Bill