অসম

assam

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:37 PM IST

ETV Bharat / state

বিজেপি বিৰোধী চৰকাৰত থাকি কাম কৰাৰ পৰিকল্পনাৰে এ আই ইউ ডি এফৰ নিৰ্বাচনী ইস্তাহাৰ - Lok Sabha Election 2024

Lok Sabha Election in Assam: তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এ আই ইউ ডি এফ দলে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ । দিল্লীত 'ইণ্ডিয়া'ৰ চৰকাৰ হ'ব আৰু এ আই ইউ ডি এফ দলে চৰ্তবিহীনভাৱে সমৰ্থন কৰিব । সমউন্নয়ন, সমবিকাশ আৰু সমতা স্থাপন এ আই ইউ ডি এফৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য । কৃষকৰ উন্নয়নত গুৰুত্ব দি ঘোষণা কৰা হ'ব কৃষিনীতি । বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াই স্থায়ী সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিব এ আই ইউ ডি এফ দলে ।

AIUDFS ELECTION MANIFESTO WITH PLANS TO WORK IN AN ANTI BJP GOVERNMENT
এ আই ইউ ডি এফৰ নিৰ্বাচনী ইস্তাহাৰ

এ আই ইউ ডি এফৰ নিৰ্বাচনী ইস্তাহাৰ

গুৱাহাটী,২৩ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাচত বিজেপি বিৰোধী চৰকাৰ হোৱাৰ আভাস পাইছে এ আই ইউ ডি এফ দলে । আনকি বিজেপি বিৰোধী চৰকাৰক চৰ্তবিহীন সমৰ্থন আগবঢ়াই তেওঁলোকৰ সৈতে একেলগে কাম কৰাৰো পৰিকল্পনা কৰিছে দলটোৱে । বৰ্তমান সময়ত এজন সাংসদ থকা এ আই ইউ ডি এফ দলে এইবাৰৰ নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

সমষ্টিকেইটা হৈছে কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী । তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এ আই ইউ ডি এফ দলে মঙলবাৰে প্ৰকাশ কৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ । দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে দলৰ ইস্তাহাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।

তেওঁ কয় যে দলটোৱে কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তিনিওটাতে জয়ী হ'ব । ২০১৪ চনত ৰাইজে এ আই ইউ ডি এফৰ তিনিজন সাংসদক দিল্লীলৈ পঠাইছিল আৰু এইবাৰো তিনিজনক পঠাব বুলি তেওঁ মন্তব্য কৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাচত দিল্লীত এখন বিজেপি বিৰোধী চৰকাৰ হোৱাৰ আভাস পোৱা গৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে দিল্লীত'ইণ্ডিয়া'ৰ চৰকাৰ হ'ব আৰু এ আই ইউ ডি এফ দলে সেই চৰকাৰক চৰ্তবিহীনভাৱে সমৰ্থন কৰিব ।

এ আই ইউ ডি এফৰ তিনিজন সাংসদে ইণ্ডিয়াৰ চৰকাৰত থাকি কাম কৰি যাব বুলি সদৰী কৰি তেওঁ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰসংগত কয় যে বিজেপিয়ে সৃষ্টি কৰা বৈষম্যতা তথা অসমতা দূৰ কৰি সমতা স্থাপনেৰে প্ৰতিটো জাতি-জনগোষ্ঠীক সমমৰ্যদা প্ৰদান কৰিব এ আই ইউ ডি এফ দলে । সমউন্নয়ন, সমবিকাশ আৰু সমতা স্থাপন এ আই ইউ ডি এফৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য ।

কৃষকৰ উন্নয়নত গুৰুত্ব দিয়াৰ কথা সদৰী কৰি তেওঁ কয় যে কৃষিনীতি ঘোষণা কৰি ইয়াৰ আধাৰত নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা হ'ব । বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াই স্থায়ী সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিব এ আই ইউ ডি এফ দলে । ইস্তাহাৰত শিক্ষাখণ্ডৰ বাবেও উদ্যোগ গ্ৰহণৰ কথা কোৱা হৈছে । সকলোৰে বাবে গুণগত মানবিশিষ্ট শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উপৰি বিভিন্ন জিলাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নিৰ্মাণত গুৰুত্ব দিয়া হ'ব ।

বহু জিলাত আজিলৈকে বিশ্ববিদ্যালয় কৰা হোৱা নাই । সেই জিলাসমূহত বিশ্ববিদ্যালয় কৰা হ'ব । বিজেপি চৰকাৰৰ দিনত নাৰীৰ সুৰক্ষা সুনিশ্চিত হোৱা নাই বুলি সদৰী কৰি তেওঁ কয় যে নাৰীৰ সুৰক্ষাৰ ওপৰত এ আই ইউ ডি এফ দলে বিশেষ গুৰুত্ব দিছে আৰু সেই ধৰণে পৰিকল্পনা যুগুত কৰিছে । আনহাতে সদায়ে উপেক্ষিত কৰা বৰাকৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰা হ'ব বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ বাবে বৰাক উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হ'ব । তেওঁ লগতে কয় যে বিজেপি বিৰোধী চৰকাৰ হ'লে সেই চৰকাৰত থাকি 'কা' বাতিল কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব এ আই ইউ ডি এফ দলে । এ আই ইউ ডি এফ দলে ইউ চি চিৰ কেতিয়াও সমৰ্থন নকৰে বুলি সদৰী কৰি তেওঁ কয় যে বিজেপি চৰকাৰে নাহে যেতিয়া এই বিষয়টো নাহে ।

চাহ শ্ৰমিকৰ কল্যানৰ বাবে আঁচনি যুগুত কৰাৰ কথা ইস্তাহাৰত উল্লেখ কৰাৰ উপৰি নিবনুৱা সমস্যাৰ সমাধানৰ দিশতো সমানে গুৰুত্ব দিয়া হৈছে । ভূমিহীনক ভূমিৰ অধিকাৰ দিয়াৰ কথাও ইস্তাহাৰত কোৱা হৈছে । তেওঁ কয় যে এইবাৰ বিজেপি বিৰোধী চৰকাৰ হ'ব আৰু সেই চৰকাৰত থাকি এ আই ইউ ডি এফৰ সাংসদসকলে কাম কৰি যাব । সংবাদমেলত দলটোৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:ৰকিবুল হুছেইনে গঁড়কে সুৰক্ষা দিব নোৱাৰিলে, ৰাইজক কি সুৰক্ষা দিব: নজৰুল হক - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details