অসম

assam

ETV Bharat / state

ছবছৰৰ বাবে দলৰ পৰা নিলম্বন এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক - MLA ZAKIR HUSSAIN LASKAR

মুখ্যমন্ত্রীৰ প্ৰশংসাত পঞ্চমুখ হৈছিল এ আই ইউ ডি এফৰ বিধায়কজন । তেওঁৰ বিৰুদ্ধে আছে কাঠ আৰু ছুপাৰি ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ ।

Suspended AIUDF MLA Zakir Hussain Laskar
এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 10:46 PM IST

গুৱাহাটী : দল বিৰোধী কাৰ্যকলাপৰ ভূতে লম্ভিছে এ আই ইউ ডি এফক । এইবাৰ দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত দলৰ পৰা নিলম্বন হ'ল এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ । দলৰ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মর্মে হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ প্রাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে নিলম্বন কৰা হৈছে ।

দলৰ প্রসাশনিক সাধাৰণ সম্পাদক তথা বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীৰ স্বাক্ষৰিত নিলম্বন পত্ৰখন বিধায়ক জাকিৰ হুছেইন লস্কৰলৈ প্ৰেৰণ কৰা হৈছে । বিধায়ক জাকিৰ হুছেইন লস্কৰক দলৰ সংবিধান অনুযায়ী ৬ বছৰৰ বাবে নিলম্বন কৰি পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই সদৰী কৰিছে ।

এ আই ইউ ডি এফৰ নিলম্বন পত্ৰ (ETV Bharat Assam)

মুখ্যমন্ত্রীকো কৰিছিল প্ৰশংসা :

উল্লেখ্য যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱা বিধায়ক জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে আছে কাঠ আৰু ছুপাৰি ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ । তদুপৰি একাধিক অভিযোগ থকা বিধায়ক জাকিৰ হুছেইন লস্কৰ শেহতীয়াকৈ দলীয় সভাসমূহৰ পৰাও আঁতৰত আছিল ।

সকীয়াইছিল বদৰুদ্দিন আজমলে :

উল্লেখ্য যে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকা কেইবাগৰাকী বিধায়কৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সকীয়াই দিছিল । সেই অভিযুক্তৰ তালিকাত হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰো আছিল । অৱশেষত দলে তেওঁক ছয় বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰে ।

লগতে পঢ়ক:দলীয় প্ৰাৰ্থীক নিৰ্বাচনত সহায় নকৰাৰ বাবে আপে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

ABOUT THE AUTHOR

...view details