নগাঁও: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত গো-মাংস বিতৰ্কৰ নতুনকৈ সূত্ৰপাত হৈছিল । অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজহুৱা স্থান, হোটেল, ৰেস্তোৰাঁ আদিত বুধবাৰৰ পৰা কাৰ্যৰ্কৰী হোৱাকৈ গো মাংস নিষিদ্ধ কৰা হৈছে ।
গো-মাংসক লৈ অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধানৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ।
অসমৰ উন্নয়নত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আমিনুল ইছলামে কয় যে চৰকাৰে এতিয়া ব্যৰ্থতা ঢাকিবলৈ কোনে কি খাব, কি পিন্ধিব তাকে লৈ ব্যস্ত হৈ পৰিছে । আগন্তুক নিৰ্বাচনত ৰাইজৰ কাষ চাপিবলৈ কোনো ইছ্যু নথকাৰ বাবেই চৰকাৰে এতিয়া নকৰিবলগীয়া কাম কৰি থকা বুলি মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।