গুৱাহাটী :অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফ দল । আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদ সংস্থা ANI ৰ সৈতে হোৱা এক বাৰ্তালাপত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে কয় যে অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁলোকৰ দল সাজু হৈ আছে আৰু দলীয় কাৰ্যকলাপ ইতিমধ্যে আৰম্ভ কৰা হৈছে । অসমৰ ২৭ খন জিলা আৰু ১৩ টা মহকুমাত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় বুলি ৰাজ্যৰ নিৰ্বাচনী সংস্থাটোৱে প্ৰকাশ কৰিছে ।
"ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছো । জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে ৷ আমি ব্লক পৰ্যায়ৰ সমিতিও গঠন কৰিছো আৰু পঞ্চায়ত পৰ্যায়ৰ সমিতি গঠনৰ কাম চলি আছে । আমাৰ কাম তৃণমূল পৰ্যায়ত চলি আছে । যেতিয়া নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ’ব, আমি নিৰ্বাচনৰ সৈতে শক্তিশালীভাৱে যুঁজিম ।’’ ৰফিকুল ইছলামে কয় ৷
শেহতীয়াকৈ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ২৭খন জিলাৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে । ৰাজ্যৰ এই পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ভাৰতীয় জনতা পাৰ্টী আৰু বিৰোধী কংগ্ৰেছ দলো ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে যে ৰাজ্য চৰকাৰে অহা বছৰৰ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বিচাৰিছে ।