গুৱাহাটী:শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ সামাজিক সংস্থা এ আই এছ ই চি টিয়ে (AISECT) উত্তৰ-পূৰ্বাঞ্চলত ১২০০ টা দক্ষতা বিকাশৰ কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য বান্ধি লৈছে । সোমবাৰে এই বিষয়ে সদৰী কৰিছে সংস্থাটোৰ অধ্যক্ষ সন্তোষ চৌবেই । আজি মহানগৰীত আয়োজিত উত্তৰ পূব কেন্দ্ৰিক সন্মিলনৰ শেষত অধ্যক্ষগৰাকীয়ে এই বিষয়ে সদৰী কৰি সংস্থাটোৱে উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় ।
উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা আৰু দক্ষতা বিকাশত পদক্ষেপ
এ আই এছ ই চি টিৰ অধ্যক্ষ সন্তোষ চৌবেই কয়,"বিগত ১৫ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত কাম কৰি আছো । অসম,মেঘালয়,অৰুণাচল প্ৰদেশ, মিজোৰাম,নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৬৮ খন জিলাত ৬৮৫ টা কেন্দ্ৰ আছে । এই কেন্দ্ৰৰ জৰিয়তে যুৱ প্ৰজন্মক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হয় । শেহতীয়াকৈ এ আই, ডিজিটেল মাৰ্কেটিং, চাইবাৰ চিকিউৰিটিৰ প্ৰশিক্ষণ দিয়াৰ লগতে জাপান,জাৰ্মানী ভাষাৰ প্ৰশিক্ষণ দিয়া হয় যাতে বিদেশতো সংস্থাপন লাভ কৰিব পাৰে ।"