অসম

assam

ETV Bharat / state

কৃত্ৰিম বুদ্ধিমত্তাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ১১২ নিযুত ভুৱা কল চিনাক্ত এয়াৰটেলৰ - DRIVE AGAINST SPAM CALLS

এয়াৰটেলে ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ১১২ নিযুত সম্ভাব্য ভুৱা কল চিনাক্ত কৰিছে এয়াৰটেলে ৷

Airtel identified 112 million spam calls and SMS in Assam and North East
ভুৱা কল চিনাক্ত এয়াৰটেলৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 10:22 AM IST

গুৱাহাটী :ভুৱা ফোন কলৰ জৰিয়তে প্ৰতিদিনে চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনাৰ জৰিয়তে বহু লোকক সৰ্বস্বান্ত কৰি আহিছে । চাইবাৰ অপৰাধীৰ কবলত পৰি বহু লোকে কষ্টোপাৰ্জিত ধন হেৰুৱাব লগা হৈছে । এই ভুৱা ফোনকলবোৰ চিনাক্তকৰণৰ বাবে এয়াৰটেলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ।

স্পেম বা ভুৱা কল আৰু এছ এম এছ চিনাক্তকৰণৰ বাবে এ আই পৰিচালিত ভুৱা চিনাক্তকৰণ সেৱা আৰম্ভ কৰিছে । এই সেৱা আৰম্ভ কৰাৰ ২৮ দিনৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ১১২ নিযুত সম্ভাব্য ভুৱা কল তথা ১০ নিযুত ভুৱা এছ এম এছ বার্তা চিনাক্ত কৰিছে এয়াৰটেলে । এই কথা গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত সদৰী কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবি মিশ্ৰই ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "সংযোগ বৃদ্ধিৰ সমান্তৰালভাৱে গ্ৰাহকে বিভিন্ন ধৰণৰ কেলেংকাৰী, প্ৰবঞ্চনা তথা ক্ষতিকাৰক বাৰ্তাৰ সন্মুখীন হৈ আহিছে । এই ডিজিটেল প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ এয়াৰটেলে সন্দেহযুক্ত ভুৱা কল আৰু মেছেজসমূহ সক্ৰিয়তাৰে চিনাক্ত কৰিবলৈ প্ৰস্তুত কৰা এই অত্যাধুনিক এ আই পৰিচালিত সমাধান সূত্ৰ মুকলি কৰি আনন্দিত হৈছো । উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি এই এয়াৰটেলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১৮ নিযুত গ্ৰাহকৰ বাবে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে এক সুৰক্ষিত যোগাযোগ সুনিশ্চিত কৰিছে ।’’

লগতে পঢ়ক :এণ্ড্ৰইড স্মাৰ্টফোনৰ এই বৈশিষ্ট্যবোৰৰ বিষয়ে আপুনি জানেনে ?

এয়াৰটেলৰ ডাটা বিশেষজ্ঞৰ দ্বাৰা আভ্যন্তৰীণভাৱে বিকশিত এ আই পৰিচালিত সমাধান সূত্ৰটোৱে কল আৰু এছ এম এছক ‘‘সন্দেহজনক স্পেম’’ হিচাপে চিনাক্ত আৰু শ্ৰেণীবদ্ধ কৰিবলৈ এটা এলগৰিথম ব্যৱহাৰ কৰে । অত্যাধুনিক এলগৰিথমৰ দ্বাৰা পৰিচালিত নেটৱৰ্কে বিভিন্ন পেৰামিটাৰ যেনে কল/এছ এম এছ ফ্ৰীকুৱেঞ্চী আৰু কলৰ ম্যাদকে আদি কৰি ৰিয়েল টাইমৰ আধাৰত বিশ্লেষণ কৰে ।

‘‘এটা দ্বিস্তৰযুক্ত সুৰক্ষা, তাতে দুটাকৈ ফিল্টাৰ থাকে - এটা নেটৱৰ্ক স্তৰত, আনটো আই টি চিষ্টেম লেয়াৰ । প্ৰতিটো কল আৰু এছএমএছ উক্ত দ্বিস্তৰযুক্ত এ আই শ্বিল্ডৰ মাজেৰে পাৰ হয় । ইয়াৰোপৰিও সমাধান সূত্ৰটোৱে গ্ৰাহকসকলক এছ এম এছৰ জৰিয়তে প্ৰাপ্ত হোৱা ক্ষতিকাৰক লিঙ্কবোৰৰ বিষয়েও সতৰ্ক কৰে ।" - ৰবি মিশ্ৰই কয় ৷

লগতে পঢ়ক :সঞ্চাৰ সাথীৰ সহযোগত সংযোগ বিচ্ছিন্ন প্ৰায় 1 কোটি নম্বৰৰ - Drive against spam calls

লগতে পঢ়ক :ভুৱা কল-এছএমএছৰ সংখ্যা হ্ৰাসৰ বাবে ব্যৱহৃত হ’ব কৃত্ৰিম বুদ্ধিমত্তা - Al powered network solution

ABOUT THE AUTHOR

...view details