অসম

assam

ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা' : পৃথ্বিৰাজ সাথে

Dholai Bye Election 2024: অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা এআইচিচি সম্পাদক পৃথ্বিৰাজ সাথেৰ ।

Dholai Bye Election 2024
অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা': পৃথ্বিৰাজ সাথে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 5:02 PM IST

শিলচৰ :উপ-নিৰ্বাচন সমাগত । প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৫ টাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । কাছাৰৰ ধলাই সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে ব্যাপক প্ৰস্তুতি চলাইছে । তাৰ মাজতে শিলচৰত উপস্থিত হৈ এআইচিচিৰ সম্পাদক পৃথ্বিৰাজ সাথেৰ সংবাদমেল । সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে । তেওঁৰ মতে অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা' আৰু অসমত চলি আছে 'বে-খবৰ' চৰকাৰ । তেওঁ কয়,"ৰাজ্যত হাহাকাৰ চলিছে অথচ বহিঃৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰক লৈহে আগ্ৰহ বেছি মুখ্যমন্ত্ৰীৰ ।"

পৃথ্বিৰাজ সাথেৰ সমালোচনা

শিলচৰৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ অভিযোগ কৰে, "ৰাজ্যৰ অৱস্থা শোচনীয়, গুৱাহাটীত ডেংগুত আক্ৰান্ত হৈ ইজনৰ পাছত সিজন লোক মৃত্যুমুখত পৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী দিনৰ পাছত দিন বহিঃৰাজ্যৰ নিৰ্বাচনত ব্যস্ত হৈ আছে ৷ বহিঃৰাজ্যৰ নিৰ্বাচনত গৈ ৫০০ টকাত ৰন্ধন গেছ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে ৷ আপুনিও এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী । আপুনি তাত কিয় ৫০০ টকাৰ চিলিণ্ডাৰ নিদিয়ে ।"

অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা': পৃথ্বিৰাজ সাথে (ETV Bharat)

সাথেৰ মতে উপ-নিৰ্বাচনত অসমত ভাল ফলাফল কৰিব কংগ্ৰেছে ৷ বঙাইগাঁৱতো ভাল ফলাফল দেখুৱাব কংগ্ৰেছে । ৪০ বছৰ ৰাজত্ব কৰাৰ পাছতো ফণীভূষণ চৌধুৰীয়ে পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ তাতে বহু কৰ্মী ক্ষুব্ধ হৈছে ৷ ফলত কংগ্ৰেছৰ বাবে সুবিধা হ'ব বুলি পৃথীৰাজ সাথেয়ে দাবী কৰে ৷ আনহাতে বিজেপিৰ শাসনকালত বৰাক উপত্যকা উপেক্ষিত হৈছে বুলিও তেওঁ অভিযোগ কৰে ৷ তেওঁৰ মতে বৰাক এতিয়া নিবনুৱা সমস্যাকে ধৰি যোগাযোগৰ ক্ষেত্ৰতো বঞ্চিত হৈছে । সেয়েহে ধলাইত ৰাইজে বিজেপিক উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি কেন্দ্ৰীয় নেতাগৰাকীয়ে দাবী কৰে ।

আনহাতে শিলচৰ কংগ্ৰেছৰ সভাপতি অভিজিত পালেও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ উল্লেখ কৰা মতে বিজেপি নেতা অমিয় কান্তি দাসে ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি অভিযোগ কৰিছিল । অভিযোগটো যদি মিছা আছিল তেনেহ'লে অমিয় কান্তি দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি তেওঁ প্ৰশ্ন কৰে । ইফালে ধলাইত পৰিমল শুক্লবৈদ্যৰ ব্যৰ্থতাক ইচ্ছ্যু হিচাপে লৈ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি দাবী কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ

ABOUT THE AUTHOR

...view details