গুৱাহাটী:অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিক সন্তুষ্ট কৰিয়েই ২০২৬ক লৈ মুখ্যমন্ত্ৰীয়ে সমীকৰণ কৰিছে নেকি ! আসন কমিব নেকি অগপৰ ! ৰিম'ট কণ্ট্ৰল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব নেকি ! শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰীসভাৰ দপ্তৰৰ ৰদ-বদলেৰে একপ্ৰকাৰ ৰাজনৈতিক চমক দিলে ৷ নিজৰ সোঁহাত-বাঁওহাত স্বৰূপ পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাৰ লগতে অশোক সিংহলৰ বিভাগ কৰ্তন কৰি অগপৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ দপ্তৰৰ তালিকা শুৱনি কৰিলে ।
এককথাত ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক সন্তুষ্ট কৰি ৰাখিব খুজিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অতুল বৰা আৰু কেশৱ মহন্তৰ বোকাখাত-কলিয়াবৰত চকু নিদিয়ে বিজেপিয়ে ৷ মুখ্যমন্ত্ৰীৰ শেহতীয়া এই ঘোষণাৰ পিছতেই অগপৰ আনসকল নেতাৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি ৷ ২০২৬ ৰ প্ৰথমাৰ্ধতে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । সেয়েহে বিজেপিৰ মিত্ৰজোঁটক লৈ ২০২৬ৰ সমীকৰণ আৰু ৰাজনৈতিক কচৰৎ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ বিশেষকৈ চৰ্চালৈ আহিছে অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগ ।
মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে জ্যেষ্ঠ নেতা কমলা কলিতা, জয়নাথ শৰ্মা, সত্যব্ৰত কলিতা আদিয়ে ৷ আনহাতে, সময়ে সময়ে অসন্তুষ্টি ব্যক্ত কৰাৰ দৰে এইবাৰো অগপৰ বাবে বৃহৎসংখ্যক আসন বিচাৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ ইফালে বিজেপিৰ দখলত থকা আসন বিজেপিয়ে এৰি নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে । পূৰ্বৰ সময়বোৰত অগপৰ সমষ্টি বুলি পৰিচিত লখিমপুৰ, বিশ্বনাথ, বঢ়মপুৰ, চতিয়া, দেৰগাঁও, নাহৰকটীয়া, আমগুৰি, টীয়ক, সৰুপথাৰ, কমলপুৰ, হাজো, মাহমৰা, বৰপেটা, পাটাছাৰকুছি, পলাশবাৰী আদি সমষ্টি বৰ্তমান বিজেপিৰ দখলত ।
এইসমূহৰ ভিতৰত এতিয়া মুঠ ৯ খন আসনহে আছে অগপৰ দখলত । ২০২১ৰ বিধানসভা নিৰ্বাচনত আমগুৰি, বোকাখাত, বঙাইগাঁও, চাবুৱা, দেৰগাঁও, গুৱাহাটী পশ্চিম, কলিয়াবৰ, টীয়ক আৰু তেজপুৰ- এই ৯ খন আসনহে আহে অগপৰ দখললৈ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে অগপৰ দুখন আসনৰ কথা স্পষ্টকৈ কৈছে য’ত বিজেপিয়ে চকু নিদিয়ে । আনহাতে বৰ্তমান অগপৰ দখলত থকা আমগুৰি আৰু পশ্চিম গুৱাহাটী-এই দুটা সমষ্টি সমষ্টি পুনৰনিৰ্ধাৰণত বিলুপ্তই কৰি দিয়া হ’ল ।
কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?
মিত্ৰ দলৰ অধীনত থকা আসন আন মিত্ৰ দলে দাবী কৰা উচিত নহয় ৷ এই কথা স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এককথাত মুখ্যমন্ত্ৰীয়ে বাৰ্তা দিছে যে নিজৰ দখলত থকা কোনো সমষ্টিয়েই এৰি দিয়াৰ পক্ষপাতী নহয় বিজেপি ৷ পলাশবাৰী সমষ্টি দাবী কৰিছে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাই ৷ তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে ক’লে- “অগপ আমাৰ মিত্ৰ দল ৷ স্বাভাৱিকতেই মিত্ৰতা নাভাঙে । পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত আৰু সমষ্টি পৰ্যায়ত মিত্ৰতা হ’ব ৷ ৰাজ্যিক পৰ্যায়ত নহয় । অগপৰ যিসকল নেতা অসন্তুষ্ট হৈছে তেওঁলোকে দলীয় মঞ্চত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিব । মই বিজেপি নেতা । মই এই বিষয়ত মন্তব্য কৰাটো উচিত নহয় ।”
লগতে পঢ়ক:স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন"
পলাশবাৰী সমষ্টিৰ উদাহৰণ দি বিজেপিৰ দখলত থকা কোনো সমষ্টিয়েই মিত্ৰ দলক ২০২৬ত এৰি নিদিয়ে বুলিও তেওঁ স্পষ্ট কৰি দিলে ৷ এৰি দিলেও চৰ্ত সাপেক্ষেহে এৰি দিব সেই কথাও মুখ্যমন্ত্ৰীয়ে লগতে ক’লে এইদৰে—“প্ৰথম কথা পলাশবাৰী সমষ্টিত বিজেপি দলেই খেলিব ৷ পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে ৷ তাত আমাৰ ছিটিং এম এল এ আছে ৷ মই যদি কাইলৈ গৈ কওঁ যে বোকাখাত সমষ্টিটো আমাক লাগিব ৷ সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয় ৷ যদি কমলা কলিতাই উঠিবই খুজিছে জালুকবাৰীতে খেলকহি ৷ ময়ে এৰি দিম ৷ তেনেকৈ বোকাখাত, কলিয়াবৰ অগপৰ দখলত আছে সেয়া আমি নিবিচাৰো । বিচাৰিলেতো কাৰো আপত্তি নাথাকে ৷ যি দলে যেনেকৈ সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম । মিত্ৰ দল জিকিলেই হ’ল । আমি মাত্ৰ এটা কথা চালেই হ’ল ক'ত কোন দলৰ শক্তি আছে ৷”
ৰমেন্দ্ৰ নাৰায়ণ কলিতা-জয়নাথ শৰ্মা-সত্যব্ৰত কলিতাৰ ৰাজনৈতিক ভৱিষ্যৎঅনিশ্চিত :
২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত অগপক বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেই লৈ দলটোৰ নেতৃত্বত থকা অতুল বৰা বা কেশৱ মহন্ত চিন্তিত হয়নে নহয় সেয়া জনাৰ উপায় নাই ৷ কিন্তু অগপৰ কপালত কেইখন আসন বিজেপিয়ে লিপিবদ্ধ কৰিব সেই লৈ অগপৰ ভিতৰচ'ৰাত তুমুল আলোড়নৰ সৃষ্টি হৈছে । কিয়নো অসমৰ ভালেকেইটা সমষ্টিত অগপই দলীয় কাম-কাজ অব্যাহত ৰাখিছে যদিও মুখ্যমন্ত্ৰীৰ মন্তব্যই অগপৰ ভিতৰতে সন্দেহৰ সৃষ্টি কৰিছে । পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০২৬ত ১০৫টা সমষ্টি বিচাৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে, যিটো একপ্ৰকাৰ ৰাজনৈতিকভাৱে অসম্ভৱ ।
বিধায়ক ৰমেন্দ্ৰ নাৰয়ণ কলিতাই কয় - “সমষ্টি পুনৰনির্ধাৰণৰ পাছত অগপৰ বাবে ১০৫ টা সমষ্টিয়েই ভাল হৈছে । সেয়ে অগপই ১০৫ টা সমষ্টিত নিৰ্বাচন খেলি জয়লাভ কৰিব পৰা পৰ্যায়ত আছে ৷” কেৱল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নহয়, অগপৰ জ্যেষ্ঠ নেতা ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক ড৹ জয়নাথ শৰ্মায়ো অগপৰ বাবে ৪৬ টা সমষ্টি দাবী কৰা দেখা গৈছে ৷ ৰঙিয়াসহ ৪৫ টা বিধানসভা সমষ্টি অগপক ২০২৬ত দিয়াৰ দাবী জয়নাথ শৰ্মাৰ । ইফালে ছয়গাঁও সমষ্টিত নিৰ্বাচন খেলি কেইবাবাৰো পৰাজিত হোৱা প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাই পূৰ্বে অগপৰ দখলত থকা সমষ্টি অগপক ঘুৰাই দিব লাগে বুলি দাবী জনাইছে, যিটো সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট বাৰ্তা দিছে অগপক । আনহাতে, অগপৰ অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা বিধায়ক হৈ থকা স্বত্বেও কমলপুৰ সমষ্টিত অগপই প্ৰাৰ্থিত্বৰ পৰা তেওঁক বঞ্চিত কৰি আসনখন বিজেপিক এৰি দিছিল ।
এতিয়া বিজেপিৰ দখলত কমলপুৰ সমষ্টি ৷ মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি কমলপুৰ ২০২৬ত অগপক এৰি দিয়াৰ সম্ভাৱনা নাই ৷ সত্যব্ৰত কলিতাৰ স্পষ্ট মত, “অগপৰ দখলত থকাৰ পাছতো মিত্ৰতাৰ ধৰ্ম মানি কমলপুৰ সমষ্টিটো এৰি দিয়া হৈছিল বিজেপিক । গতিকে এইবাৰ অগপক সমষ্টিটো এৰি দিব লাগিব ৷” মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত অগপৰ জ্যেষ্ঠ নেতাসকলৰ অসন্তুষ্টি আৰু দাবী যে ২০২৬ত নৰজিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনত অগপক যে সীমিত সংখ্যক সমষ্টিহে বিজেপিয়ে এৰি দিব সেয়া প্ৰায় নিশ্চিত । অগপৰ বহু নেতা-কৰ্মীৰ শংকা- ২০২৬ৰ নিৰ্বাচনত বৰ্তমান অগপৰ দখলত থকা সমষ্টিও বিজেপিয়ে চান কাঢ়িব । অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব দি ২০২৬ৰ অগপৰ টিকটৰ ৰিম'ট কণ্ট্ৰল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাখিব পাৰে নিজৰ হাতত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছামতেহে হয়তো ২০২৬ত অগপৰ সমষ্টিৰ সংখ্যা আৰু প্ৰাৰ্থিত্বৰ ভাগ্য নিৰূপণ হ'ব !
লগতে পঢ়ক:১২৪ বছৰীয়া হ'ল এছিয়াৰ প্ৰথম টোপাল তেল নিগৰোৱা ডিগবৈ শোধনাগাৰ