গুৱাহাটী,৫ মে':অহা ৭ মে'ত ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত শাসক-বিৰোধীয়ে ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে । বিজেপি আৰু কংগ্ৰেছৰ বিশাল ৰেলীৰ পিচত অগপ দলেও দেওবাৰে গুৱাহাটীত বাইক ৰেলীৰ আয়োজন কৰে । প্ৰতিকূল বতৰকো নেওচি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনৰ বাবে বাইক ৰেলীত অংশ ল'লে অগপৰ বহু কৰ্মীয়ে ।
বিজেপিৰ বাইক ৰেলীৰ পিচতে গণেশগুৰি উৰণীয়া সেতুৰ সমীপৰ পৰা আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কার্যালয়লৈ উলিওৱা হয় এই বাইক ৰেলী । অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তইও বাইক ৰেলীত অংশগ্ৰহণ কৰে । প্ৰায় ৫ হাজাৰ নেতা-কৰ্মীয়ে অংশ লয় এই বিশাল বাইক ৰেলীত । ৰেলীত অংশগ্ৰহণ কৰি অগপ সভাপতি অতুল বৰাই কয় যে ইতিমধ্যে সমাপ্ত হৈ যোৱা ১০ টা সমষ্টিৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । অন্য ৰাজনৈতিক দলবোৰৰ ভোট গোটোৱা আচল যন্ত্ৰটোয়ে নাই বুলি তেওঁ উল্লেখ কৰে ।