মৰাণ, ১০ আগষ্ট:কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ বাবে সাজু হৈছে মটক জনগোষ্ঠীৰ সংগঠনৰসমূহ । চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰা চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । সদৌ মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত সংবাদমেল অনুষ্ঠিত কৰি শনিবাৰে এই কথা ঘোষণা কৰে ।
১৬ আগষ্টত ৫ ঘণ্টীয়া অৱস্থান ধৰ্মঘট:
মটক জনগোষ্ঠীৰ যৌথ সংগঠনে আয়োজন কৰা এই সংবাদমেলত নেতাসকলে উল্লেখ কৰা অনুসৰি অহা ১৬ আগষ্টত জিলাই জিলাই ৫ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিব । তদুপৰি অহা ২২ আগষ্টত গুৱাহাটীৰ চচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব । আনহাতে, অহা ২৬ আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, ৬ ছেপ্টেম্বৰত নতুন দিল্লীত ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ :