গুৱাহাটী :উপ-নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ মিলিত হ'ল বিৰোধী দলসমূহ । গুৱাহাটীৰ হোটেল লিলিত ৰাজ্যৰ ১৩ টাকৈ বিৰোধী দলৰ প্ৰতিনিধি বৈঠকত মিলিত হয় । শনিবাৰে সন্ধিয়া বিৰোধী দলসমূহে অসম সন্মিলিত মৰ্চাৰ মঞ্চত একত্ৰিত হৈ বিজেপিক উৎখাত কৰাৰ ৰণনীতি প্ৰস্তুত কৰে । অৱশ্যে এইবাৰ অসম সন্মিলিত মৰ্চাৰ বৈঠকত উপস্থিত নাথাকিলে কংগ্ৰেছ দল আৰু দলৰ প্ৰতিনিধি ।
- কংগ্ৰেছৰ বাবে দুৱাৰ বন্ধ নাই
উপ-নিৰ্বাচনৰ সময়ত মুখ্য বিৰোধী দলটোৱে মৰ্চাই পৰা আঁতৰি গৈছিল । কিন্তু অসম সন্মিলিত মৰ্চাই এতিয়া দুৱাৰ খোলা ৰাখিছে কংগ্ৰেছৰ বাবে । এই সন্দৰ্ভত মৰ্চাৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা অজিত কুমাৰ ভূঞাই কয়, "কংগ্ৰেছ নেতৃত্ব যদি পুনৰ অসম সন্মিলিত মৰ্চাত আহিব বিচাৰে, আমাৰ দুৱাৰ বন্ধ নাই । তেনেকুৱা হ'লে আমি অসম সন্মিলিত মৰ্চাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম ।"
- ১৩ টা বিৰোধী দলৰ অংশগ্ৰহণ
উল্লেখ্য যে পাঁচটা সমষ্টিৰ ভিতৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অসম সন্মিলিত মৰ্চাৰে কংগ্ৰেছৰ মতান্তৰ হৈছিল । অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰি আঁতৰি গৈছিল কংগ্ৰেছ সভাপতি ভূপেন বৰাই । তাৰ পিছতে অসম সন্মিলিত মৰ্চাৰ সভাপতি ৰূপে অজিত কুমাৰ ভূঞাক বাছনি কৰিছিল বিৰোধী ঐক্যই ।
অজিত কুমাৰ ভূঞাক সভাপতিৰূপে বাছনি কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ অসম সন্মিলিত মৰ্চাই বৈঠকত মিলিত হয় । বৈঠকত অজিত কুমাৰ ভূঞাৰ উপৰিও লুৰীণজ্যোতি গগৈ, অখিল গগৈ প্ৰমুখ্যে মুঠ ১৩ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।