নলবাৰী,২৭ মাৰ্চ:উচ্চ ন্যায়ালয়ৰ ৰায়ত উৎফুল্লিত সাংসদ নৱ শৰণীয়া । ন্যায়ালয়ৰ ৰায়ৰ লগে লগে কোকৰাঝাৰত নিৰ্বাচন খেলাৰ পথ প্ৰশস্ত হল সাংসদ তথা গণশক্তি পাৰ্টিৰ নেতা নৱ শৰণীয়া ওৰফে হীৰা শৰণীয়াৰ । ন্যায়ালয়ৰ ৰায় পোৱাৰ পিচতেই বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই । কোকৰাঝাৰৰ জনতাৰ আশা পুৰণ হ'ল বুলি মন্তব্য কৰি নৱ শৰণীয়াই ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰে ।
চৰকাৰে শৰণীয়া কছাৰীসকলক বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে নৱ শৰণীয়াই । এইবাৰো নিৰ্বাচনত ডেৰ লাখতকৈ বেছি ভোটত জয়ী হ'ব বুলি দাবী কৰে হীৰা শৰণীয়াই । উল্লেখ্য যে, অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা গঠিত ৫ জনীয়া কমিটিয়ে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিছিল ৷ কমিটিখনে তেওঁ বড়ো/ বড়ো-কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত নহয় বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল ৷ ইয়াৰ পিচতেই ন্যায়ালয়ৰ কাষ চাপিছিল শৰণীয়া ।