নগাঁও :ৰাজ্যৰ ৰজনীতিত সৃষ্টি হোৱা গো-মাংস সম্পৰ্কীয় বিতৰ্কৰ পাছতেই অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে গো-মাংস । হোটেল, ৰেস্তোৰাঁকে আদি কৰি ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ই টিভি ভাৰতৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে ।
ৰকিবুল হুছেইন জগৰীয়া
ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাটো চৰকাৰৰ উচিত সিদ্ধান্ত হোৱা নাই বুলি উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে কয়,"ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাৰ বাবে মূলতঃ জগৰীয়া কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন । পুত্ৰ তানজিল হুছেইন চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত পৰাজিত হোৱা বাবেই বিজেপিৰ বিৰুদ্ধে গো-মাংসৰ ভোজভাতৰ অভিযোগ কৰি গো-মাংসৰ বিতৰ্কৰ সূত্ৰপাত কৰিছিল ৰকিবুল হুছেইনে । প্ৰাৰ্থী তানজিল হুছেইনে নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ বিপৰীতে পিতৃ ৰকিবুল হুছেইনে সংবাদমেলৰ জৰিয়তে গো-মাংস সম্পৰ্কীয় অভিযোগ উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল ।"