অসম

assam

ETV Bharat / state

নলবাৰীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান অৰুণ গোভিলৰ - ACTOR ARUN GOVIL

Nalbari Harimandir Raas: ঐতিহাসিক ৰাস মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব 'শুনো শ্ৰীৰাম কাহানি'। থাকিব ৰাম-সীতা ।

Nalbari Raas Mahotsav
'ৰামায়ণ'ৰ ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 10:52 PM IST

নলবাৰী: অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰিত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ । উত্তৰ-পূৱৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৰিমন্দিৰৰ ৰাস এইবাৰ ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । ৯১ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে সাজু হৈছে আয়োজক সমিতি । এইবাৰ 'ৰামায়ণ'ৰ ৰাম আৰু সীতা দেৱী আহিব নলবাৰীলৈ ।

ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য় আকৰ্ষণ হ'ব 'ৰামায়ণ'ৰ ৰামৰ চৰিত্ৰত অভিনয় কৰি খ্য়াতি লাভ কৰা অৰুণ গোভিল আৰু সীতা দেৱীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দিপীকা চিখলিয়া । তদুপৰি 'ৰামায়ণ'ধাৰাবাহিকৰ আন অভিনেতা-অভিনেত্ৰীয়েও এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত থাকিব ।

'ৰামায়ণ'ৰ ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল (ETV Bharat Assam)

ইয়াকে লৈ অভিনেতা তথা বিজেপি নেতাগৰাকীয়ে শনিবাৰে নলবাৰীৰ ৰাসত সকলোকে অংশগ্ৰহণ কৰিবলৈ এক ভিডিঅ'যোগে আহ্বান জনায় । লগতে তেওঁক ৰাসলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে নলবাৰীৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধন্যবাদ জনায় । উল্লেখ্য় যে ৰাসত 'শুনো শ্ৰীৰাম কাহানি' প্ৰদৰ্শন কৰা হ'ব ।

উল্লেখ্য় যে, অহা ১৫ নবেম্বৰৰ সন্ধিয়া ৰাস মহোৎসৱৰ শুভ উদ্বোধন হ'ব । মৃণ্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত এইবেলিও থাকিব তিনি ৰাসৰ সমাহাৰ । মৃণ্ময় মূৰ্তি ৰাস, জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ সমাহাৰ থাকিব নলবাৰীৰ ৰাসত ।

নলবাৰীৰ হৰিমন্দিৰ বাকৰিত এইবাৰ বাণিজ্য মেলা, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, স্থানীয় আত্মসহায়ক গোটসমূহৰ বাণিজ্যিক ষ্টলৰ লগতে অসমৰ আগশাৰীৰ ১১ টা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শন কৰিব । শিল্পীসকলে আখৰা চলোৱাৰ লগতে মূৰ্তি নিৰ্মাণৰ কামো ক্ষিপ্ৰ গতিৰে আগবাঢ়ি আছে বুলি সদৰী কৰিছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক:নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব ৰামায়ণৰ ৰাম-সীতা; থিয়েটাৰৰ টিকট এইবাৰ অনলাইনত পাব দৰ্শকে

ৰাস পালেহিয়েই...দৰ্শকক নতুন ধৰণে চমক দিবলৈ সাজু মাজুলীৰ অৰ্ধশতাধিক ৰাস মঞ্চ

ABOUT THE AUTHOR

...view details