দৰং, ২৪ ছেপ্টেম্বৰ:কোনোৱে সপোনতো ভবা নাছিল ঘটনাটো সংঘটিত হ'ব বুলি । সামান্য় কথা এটাই যে এনে এক ৰূপ ল'ব সেয়া কল্পনাৰো অগোচৰ আছিল । তাকো এখন বিদ্যালয়ত ! নভবা কথাটোৱেই এতিয়া মঙলদৈৰ এখন বিদ্য়ালয়ত সৃষ্টি কৰিছে এক নিমাওমাও পৰিৱেশৰ । কাৰণ এইখন বিদ্য়ালয়তেই সোমবাৰে দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল নৱম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে ।
মঙলবাৰে দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত নিমাওমাও পৰিৱেশে বিৰাজ কৰে । ভয়-শংকাৰ বাবে বিদ্যালয়খনলৈ কোনো ছাত্ৰ-ছাত্ৰী অহা নাই । লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰতো দেখা গ'ল একেই পৰিৱেশ । অৱশ্য়ে বিদ্যালয়খনত তদন্তৰ বাবে পুনৰ উপস্থিত হয় ছিপাঝাৰ আৰক্ষী । আৰক্ষীয়ে বিভিন্ন দিশ তন্ন তন্নকৈ চালি জাৰি চোৱাৰ লগতে স্থানীয় লোককো সোধা-পোছা কৰিছে ।
ইপিনে, সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত ছাত্র ভৱেশ ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈছিল যদিও দেহত এটি সামান্য আঘাতৰ চিনৰ বাদে বিশেষ কোনো আঘাতৰ চিন নোপোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আজি পুৱা প্ৰেৰণ কৰে মৃতদেহটো । সোঁহাতত এটা আঁচোৰৰ চিন আছে মাত্ৰ । যাৰ কাৰণে মৰণোত্তৰ পৰীক্ষা মঙলদৈত নকৰাৰ সিদ্ধান্ত লৈছিল চিকিৎসকে । মৰণোত্তৰ পৰীক্ষাৰ বাবে গঠন কৰি দিয়া চিকিৎসকৰ দলে মৃতদেহ প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।