মৰাণ, ২৫ ফেব্ৰুৱাৰীঃশিক্ষয়িত্ৰীক খুন্দিয়াই হত্যা কৰা চালকক ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিলে দুলীয়াজান আৰক্ষীয়ে । যোৱা ২১ ফেব্ৰুৱাৰীত দুলীয়াজান নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত কৰা শোকাৱহ পথ দুৰ্ঘটনাৰ ট্ৰাক চালক তোলন সন্দিকৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে যোৱা ২১ ফেব্ৰুৱাৰীত দুলীয়াজান নাহৰকটীয়া সংযোগী পথৰ দিহিং দলঙৰ সমীপত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা । বিদ্যালয়লৈ গৈ থকা সময়তে ডেইজি বকলীয়াল শইকীয়া নামৰ সহকাৰী শিক্ষয়িত্ৰী গৰাকীক খুন্দিয়াই ট্ৰাকসহ পলায়ন কৰিছিল চালকে । ইয়াৰ পাছতেই ট্ৰাকখনৰ সন্ধানত তীব্ৰ অভিযান চলাইছিল দুলীয়াজান আৰক্ষীয়ে । অৱশেষত শনিবাৰে নিশা দুলীয়াজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সৈতে জড়িত ১৬ চকীয়া ট্ৰাকসহ চালকক গ্ৰেপ্তাৰ কৰিলে দুলীয়াজান আৰক্ষীয়ে ।