অসম

assam

ETV Bharat / state

ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰে নাম সাঙোৰ খোৱা অভিমন্যু দাসক গ্ৰেপ্তাৰ

Abhimanyu Das arrested : ইন্দ্ৰাণী তহবিলদাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা অভিমন্যু দাসক গ্ৰেপ্তাৰ ৷ ইকৰাণী চাৰিআলিৰ আইছেং ধাবাত শনিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল দুৰ্বৃত্তটোৱে ৷

Abhimanyu Das arrested
পলাতক অভিমন্যু দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:59 PM IST

অভিমন্যু দাসক গ্ৰেপ্তাৰ

সৰুপথাৰ, 3 মাৰ্চ : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা পলাতক অভিমন্যু দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ইন্দ্ৰাণী তহবিলদাৰ মৃত্যুৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল অভিমন্যু দাসৰ বিৰুদ্ধে ৷ অৱশ্যে এক গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধুৰন্ধৰ অভিমন্যু দাসক ৷ সৰুপথাৰৰ ইকৰাণীৰ গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিমন্যু দাস সহ পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

উল্লখ্য যে, সৰুপথাৰৰ ইকৰাণী চাৰিআলিৰ আইছেং ধাবাত শনিবাৰে নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে নিশা প্ৰায় 10.30 বজাত পাঁচজনীয়া দুৰ্বৃত্তৰ দলে ধাবাখনত গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল ৷ দুৰ্বৃত্তৰ দলটোৱে নিশাৰ ভাগত আই ছেং ধাবাত উপস্থিত হৈ মদ বিচাৰে ৷ কিন্তু স্বত্বাধিকাৰীয়ে ধাবাখনত মদ উপলব্ধ নহয় বুলি জনোৱাত পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ধাবাৰ মালিক, কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয় ৷ ইয়াৰ পিচতে সুৰামত্ত যুৱকৰ দলটোৰ মাজৰ এজনে নিজৰ পিষ্টলেৰে শূন্যলৈ তিনি জাঁই গুলী ফুটাই ৷

লগে লগে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ গুলীৰ শব্দ শুনি ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে আৰু ধাবাৰ মালিক-কৰ্মচাৰীৰ লগতে উপস্থিত ৰাইজে দলটোৰ দুজনক ধৰি আৰক্ষীক চমজাই দিয়ে ৷ কিন্তু ঘটনাৰে জড়িত আন তিনিজন যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ জানিব পৰা মতে এই গুলীচলনাৰ ঘটনা অভিমন্যু দাস নামৰ দুৰ্বৃত্তটোৱে সংঘটিত কৰিছিল ৷

পৰৱৰ্তী সময়ত টনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্ত কেইটাক আটক কৰিবলৈ অভিযান আৰম্ভ কৰে ৷ নিশা ধনশিৰি মহকুমা আৰক্ষীয়ে প্ৰথমে নিশা উৰিয়ামঘাটৰ পৰা RJ 45 CY 7178 নম্বৰৰ টয়টা হাইলাক্স গাড়ীসহ ঘটনাৰে জড়িত শচীন শৰ্মাক আটক কৰে ৷

পিচত গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত স্থানীয় আৰক্ষীৰ সহযোগত অভিমন্যু দাস আৰু উত্তম দাসক বোকাখাটৰ কঁহৰাৰ পৰা আটক কৰাৰ লগতে হীৰকজ্যোতি বৈশ্যসহ মুঠ 6 দুৰ্বৃত্ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ তথ্য অনুসৰি, অভিমন্যু দাসেই ঘটনাস্থলীত গুলী ফুটাই আতংকৰ সৃষ্টি কৰিছিল আৰু পলায়ন কৰিছিল ৷ পূৰ্বে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাইছিল এই অভিমন্যু দাসৰ ৷

লগতে পঢ়ক :ধাবাত 3 জাঁইকৈ গুলী ফুটাই আতংকৰ সৃষ্টি; আৰক্ষীৰ জিম্মাত দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details