অসম

assam

ETV Bharat / state

আয়ুষ্মান-কায়কল্পৰ পুৰস্কাৰৰ ধন উদৰস্থ কৰি গ্ৰেপ্তাৰ চিকিৎসালয়ৰ গাণনিক - Accountant arrested in Mangaldoi - ACCOUNTANT ARRESTED IN MANGALDOI

Mangaldoi Civil Hospital: ঘোচ ল’বলৈ এৰা নাই ৰাজ্যৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷ ইজনৰ পিচত সিজনক গ্ৰেপ্তাৰ কৰাৰ পিচতো ক’লা টকাৰ লোভ এৰা নাই একাংশ ঘোচখোৰে ৷ এইবাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ত গ্ৰেপ্তাৰ গাণনিক ।

Mangaldoi Civil Hospital
মঙলদৈ অসামৰিক চিকিৎসালয় (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:22 PM IST

Updated : May 28, 2024, 9:28 PM IST

মঙলদৈ, ২৮ মে':মঙলদৈ অসামৰিক চিকিৎসালয়ত কেইবাকোটি টকীয়া দুৰ্নীতি সন্দৰ্ভত চিকিৎসালয়খনৰ গাণনিক ভবেন ডেকাক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে । চিকিৎসালয়খনত সংঘটিত কেলেংকাৰী সন্দৰ্ভত দৰঙৰ অতিৰিক্ত আয়ুক্তই তদন্তৰ নিৰ্দেশ দিয়াৰ পিচত সোমবাৰে গাণনিকগৰাকীক গ্ৰেপ্তাৰ কৰি মঙলদৈ সদৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

আয়ুষ্মান-কায়কল্পৰ পুৰস্কাৰৰ ধন উদৰস্থ কৰি গ্ৰেপ্তাৰ চিকিৎসালয়ৰ গাণনিক (ETV BHARAT ASSAM)

উল্লেখযোগ্য যে চিকিৎসালয়খনত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত বিভিন্ন শিতানত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি । উক্ত দুৰ্নীতি সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতা বিপুল মহন্তই মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল লিখিত অভিযোগ । লগতে চিকিৎসালয়খনত সংঘটিত হোৱা আয়ুষ্মান অসম আঁচনিৰ লগতে কায়কল্পৰ পুৰস্কাৰৰ নামত অহা ধনৰ ক্ষেত্ৰত হোৱা বিয়াগোম দুৰ্নীতি সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰিছিল । অৱশ্যে লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিচতো একমাত্ৰ এগৰাকী গাণনিককহে গ্ৰেপ্তাৰ কৰাক লৈ আক্ষেপ প্ৰকাশ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতাগৰাকীয়ে । এই সন্দৰ্ভত তেওঁ পুঠি-খলিহনা ধৰি ৰৌ -বৰালীক এৰি দিয়া হ'ব নেকি বুলিও সন্দেহ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা গাণনিক ভবেন ডেকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৪০৬/৪০৮/৪০৯/৪২০ ৰ অধীনত মঙলদৈ আৰক্ষী থানাত ১৪৭/২৪ নম্বৰত গোচৰ ৰুজু কৰা হৈছে । মঙলদৈ সদৰ আৰক্ষীয়ে অতিৰিক্ত আয়ুক্তৰ গোচৰৰ ভিত্তিত ঘটনাৰ তদন্তৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছে । ইপিনে, চিকিৎসালয়খনত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে যদিও এগৰাকী গাণনিকক গ্ৰেপ্তাৰ কৰিয়ে বিভাগীয় বৰমুৰীয়াসকল হাত সাৰি যাব পাৰে বুলি মন্তব্য কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতা বিপুল মহন্তই ।

লগতে পঢ়ক:Police Officer Arrest In Diphu : উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি

ছাহজাহান সৰকাৰ-ঐশ্বৰ্য জীৱন বৰুৱাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Last Updated : May 28, 2024, 9:28 PM IST

ABOUT THE AUTHOR

...view details