গুৱাহাটী : ২০২৫ চনৰ ভিতৰত ভাৰত তথা অসমত যক্ষ্মা নিৰ্মূলকৰণৰ নিৰ্ধাৰণ কৰা লক্ষ্য অনিশ্চয়তা দেখা দিছে । কাৰণ অসমত এতিয়াও দৈনিক গড়ে ১৩৮ জনকৈ যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছে ।
লক্ষণীয় যে চৰকাৰে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ সমূহ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আজি পৰ্যন্ত পূৰণ নকৰিলে । অসমত ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিখন তৃণমূল পৰ্যায়ত ৰূপায়ণৰ ক্ষেত্ৰত এইসকল কৰ্মচাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।
এই সন্দৰ্ভত এন এইচ এম এমপ্লয়িজ এছ'চিয়েচন আৰু এন টি ইপি (ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি) কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি ৰাজীৱ মেধিয়ে কয়, ‘‘অসমত ৫০০ অধিক ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ কৰ্মচাৰী আছে । এওঁলোকে যথেষ্ট কম পাৰিতোষিকত যথেষ্ট কাম কৰিব লাগে । কিন্তু এই কৰ্মচাৰীসকলৰ কোনো সমস্যা সমাধান কৰাত চৰকাৰৰ গুৰুত্ব নাই ।’’
তেওঁ কয়, ‘‘১৯৮৮ চনৰ পৰা এই আঁচনিখন আৰম্ভ হৈছিল । তেতিয়াৰ পৰা এই কৰ্মচাৰীসকল কামত জড়িত হৈছে । ২০০৩ চনত ৩৩৩ গৰাকী ঠিকাভিত্তিক এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ বাবে তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল । কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি ৰক্ষা নহ'ল ।’’
উল্লেখ্য যে, ৰাজ্যজুৰি যোৱা শুক্ৰবাৰে এন এইচ এম এমপ্লয়িজ এছ'চিয়েচন আৰু এন টি ইপি (ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনি) কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । ১৯৯৮ চনৰপৰা ৰূপায়ণ হৈ থকা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনৰ সমূহ কৰ্মচাৰীয়ে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে চৰকাৰক বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আবেদন-নিবেদন জনাই আহিছিল । কিন্তু চৰকাৰে সন্থাৰ এই দাবীৰ প্ৰতি কোনোদিনে গুৰুত্ব নিদিয়াৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।
এন টি ই পি কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া বিষ্ণু গোহাঁই কয়, ‘‘ইতিমধ্যে তেওঁলোকৰ মাজৰ ১৭ গৰাকী সহকৰ্মীয়ে এই পর্যন্ত যক্ষ্মা ৰোগ বিভাগত কাম কৰি মৃত্যুক আঁকোৱালি ল'লে যদিও চৰকাৰে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে একোৱেই নকৰিলে । ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদান কৰা, যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সমূহ কৰ্মচাৰীৰ বাবে পেন্সন গ্ৰেচুইটী আদিৰ ব্যৱস্থা কৰা, যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে সন্থাই কাৰ্যসূচী পৰৱৰ্তী সময়ত অব্যাহত ৰাখিব ৷’’