বাক্সা, 16 ফেব্ৰুৱাৰী : ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত পুনৰ নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ কাৰণে ট্ৰাইবেল সংঘই কৰা দাবীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি অসমে ৷ এই সন্দৰ্ভত শুকুৰবাৰে বাক্সা জিলাৰ বৰমাত এক সংবাদমেল সম্বোধন কৰে অবড়ো সুৰক্ষা সমিতিয়ে ৷ সংবাদমেলত সংগঠনটোৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰীয়ে জিলা সমিতি সমূহলৈ প্ৰেৰণ কৰা এখন জাননীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
সংবাদমেলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰাৰ সময়ত বাদ পৰি যোৱা জনজাতি অধ্যুষিত অঞ্চল কোনো কাৰণতে পুনৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে অবড়ো সুৰক্ষা সমিতি অসমে ৷ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই সাংবাদমেলত কয় যে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে 2003 চনত বড়ো বিদ্ৰোহী সংগঠনৰ লগত আলোচনা কৰি যি বি টি চি চুক্তি কৰিলে তাৰ পৰা বি টি এডিৰ অবড়ো লোক সকল বহু ক্ষেত্ৰত বঞ্চিত হৈ আছে ৷ পুনৰ চৰকাৰৰ ইংগিততে ট্ৰাইবেল সংঘই জনজাতি অধ্যুষিত অঞ্চল জৰীপ কৰি জিলা সমিতি সমূহক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত থকা জনজাতি প্ৰধান গাঁও সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে কৰা গোপন অভিসন্ধিয়ে বি টি এডি অঞ্চল ৰক্তাক্ত কৰিব বুলি মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাসে ৷