তিনিচুকীয়া:অৱশেষত তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা অপহৰণ কৰি নিয়া গৌতম বসুমতাৰীক মুক্তি দিয়ে সন্দেহজনক আলফা স্বাধীনে । অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ ১৭ মাইলত মুকলি কৰি দিয়ে সন্দেহজনক আলফা স্বাধীনে । মুকলি কৰি দিয়াৰ পাছতে আজি বৃহস্পতিবাৰে অৰুণাচল আৰক্ষীৰ সহযোগত লেখাপানী আৰক্ষীয়ে গৌতম বসুমতাৰীক উদ্ধাৰ কৰে ।
উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় বসুমতাৰীক । প্ৰত্যক্ষ কৰা অনুসৰি গৌতম বসুমতাৰী যথেষ্ট ভাগৰুৱা হোৱাৰ লগতে শাৰীৰিকভাৱে কিছু অসুস্থ হৈ আছিল । অসুস্থতাৰ বাবে গৌতমে নিজ পিতৃৰ কান্ধত ধৰি খোঁজ কাঢ়ি যাব লগা হয় চিকিৎসালয়লৈ ।
পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে গৌতম বসুমতাৰীক গতাই দিয়ে নিজৰ ঘৰত পৰিয়ালবৰ্গক । ২৩ অক্টোবৰত নিশা প্ৰায় ১০ বজাত অপহৰণ কৰি নিয়াৰ পাছত ১৫ দিনৰ অন্তত মুক্তি কৰি দিয়ে গৌতম বসুমতাৰীক । গৌতম বসুমতাৰী তিনিচুকীয়া জিলাৰ জাগুনস্থিত ৰাধা চেতিয়া মালিকাধীন হিমালয়া চাহ ফেক্টৰীৰ কৰ্মচাৰী আছিল ।