অসম

assam

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 9:09 AM IST

ETV Bharat / state

নলবাৰীত আজিৰে পৰা দুদিনীয়াকৈ আছুৰ কেন্দ্ৰীয় ৰাভা দিৱস পালন - Rabha Divas 2024

AASU Press Meet: নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আছুৰ কেন্দ্ৰীয় ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি । এই দিৱসত অংশগ্ৰহণ কৰিব ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে । সংবাদমেলযোগে আছুৱে কৰিলে এই ঘোষণা ৷

Nalbari AASU press meet
আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস সন্দৰ্ভত সংবাদমেল (Etv Bharat Assam)

নলবাৰী, ১৯ জুন : নলবাৰীত বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থা(আছু) ৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস । নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই ৰাভা দিৱস ।

ৰাভা দিৱসৰ পূৰ্বে আছুৰ সংবাদমেল (Etv Bharat Assam)

মঙলবাৰে নলবাৰীত আয়োজিত এক সংবাদমেলত এই দুদিনীয়া কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে আছুৰ উপ-সভাপতি তথা কেন্দ্ৰীয় ৰাভা দিৱস উদযাপন সমিতিৰ মুখ্য সম্পাদক ভৱজিৎ বেজবৰুৱাই ।

ঘোষিত কাৰ্যসূচী অনুসৰি, বুধবাৰে পুৱা মুখ্য তোৰণ মুকলিৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব । তাৰ পাছতে ক্ষেত্ৰ উন্মোচন, গ্ৰন্থমেলাৰ দ্বাৰ মুকলি, নলবাৰী হাট উন্মোচন, কবিতা আবৃত্তি, বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা আৰু নিশালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ।

একেদৰে ২০ জুনত পতাকা উত্তোলন কৰিব আছুৰ সভাপতি উৎপল শৰ্মাই । তাৰ পাছতেই শ্বহীদ তৰ্পণ কৰিব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । তাৰপিছতে বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । দিনৰ ১১ বজাত সাংস্কৃতিক অভিবাদনৰ পাছতেই মুকলি সভা, স্মাৰক গ্ৰন্থ উন্মোচন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:গণশিল্পী সূৰ্য দাসলৈ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্পী সন্মান - Assam Sahitya Sabha

এই সভাখনত সভাপতিত্ব কৰিব আছুৰ সভাপতি উৎপল শৰ্মাই । মুখ্য অতিথিৰূপে প্ৰতিমা পাণ্ডে বঁটাপ্ৰাপক লোক সংস্কৃতিবিদ ড৹ অনিল শইকীয়া, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ, অৱসৰ প্ৰাপ্ত উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:Rabha Divas observed: বকোত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫তম স্মৃতি দিৱস পালন

উক্ত মুকলি সভাতে নাট্যশিল্পী নজৰুল ইছলাম, শিল্পী গোবিন্দ তালুকদাৰ, দেৱযানী তালুকদাৰ আৰু ভূপেন ৰয়ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব ৷ উল্লেখ্য যে, মুকলি সভাৰ সমবেত সংগীতটো ৰাজ্যৰ বহুকেইটা ভাষাৰ সংমিশ্ৰণ কৰি পাঁচ শতাধিক শিল্পীয়ে পৰিৱেশন কৰিব । তদুপৰি প্ৰায় দুই শতাধিক মহিলাই পৰিৱেশন কৰিব দিহা নাম ৷

মঙলবাৰৰ এই সংবাদমেলত অংশগ্ৰহণ কৰে উদযাপন সমিতিৰ সভাপতি ড৹ কমল নয়ন পাটোৱাৰী, কাৰ্যকৰী সভাপতি ৰিয়াজউদ্দিন আহমেদ, সুকুমাৰ শৰ্মা, মুখ্য সম্পাদক ভৱজিৎ বেজবৰুৱা, সম্পাদকত্ৰয় ক্ৰমে অক্ষয় ডেকা, গুণজ্যোতি পাঠক, তন্ময় কাজি, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তকে আদি কৰি কেইবাগৰাকীও উদ্যোক্তাই ।

লগতে পঢ়ক:লোকশিল্পী ধৰ্মেশ্বৰ নাথ-চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যলৈ 'বিষ্ণু ৰাভা বঁটা' - BISHNU RABHA AWARD

ABOUT THE AUTHOR

...view details