তেজপুৰ,৫ ফেব্ৰুৱাৰী :প্ৰসংগ মাতৃভাষা মাধ্যম বিতৰ্ক । মাতৃভাষা মাধ্যম সন্দৰ্ভত অসমৰ চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশস্বৰূপে শোণিতপুৰ জিলা ছাত্ৰ সন্থাইও তেজপুৰ মিছন চাৰিআলিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে ৷
মাতৃভাষা মাধ্যম সন্দৰ্ভত চৰকাৰী কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবীত আছুৰ নেতা-কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰো হুংকাৰ দিয়ে ছাত্ৰ সন্থাই ৷ চৰকাৰৰ আকোঁৰগোজ স্থিতিৰ বিৰুদ্ধে আছু অধিক আকোঁৰগোজ বুলিও স্পষ্ট কৰি দিয়ে জিলা ছাত্ৰ সন্থাৰ নেতাসকলে ।
উল্লেখ্য যে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তেজপুৰত আছু কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত আছুৱে অভিযোগ কৰে যে ৰাজ্যখনৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে মষিমূৰ কৰাৰ বাবে উঠিপৰি লাগিছে ।