নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী :অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত ৰাজ্যিক কেবিনেটে ষষ্ঠমান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় কেইটা ইংৰাজীত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি সিদ্ধান্ত লোৱাৰ পিচত সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতাৰে বিগত এসপ্তাহৰ ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । বৃহস্পতিবাৰে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে মৰিগাঁৱৰ ৰাজপথত এক বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰ হায় হায়, অসমীয়া ভাষা বিৰোধী বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে ৷
"এইখন জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামিছে । কোনো কাৰণতে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক মানি লোৱা নহ’ব । প্ৰয়োজনত তেজ দিম, দেহ দিম তথাপি আইৰ মুখৰ ভাষা ধ্বংস হ’ব লৈ নিদিওঁ ৷’’ বৃহস্পতিবাৰে এই মন্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিপুল কুমাৰ নাথে । তেওঁ লগতে কয় যে অসমত যদি অসমীয়া ভাষা সুৰক্ষিত নহয় তেনেহ’লে ক’ত হ’ব । আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কটু ভাষাৰে সমালোচনা কৰে শাসকীয় বিজেপি চৰকাৰক ।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে । মৰিগাঁও, মাজুলী, সোণাৰি, ধেমাজি সকলোতে মাধ্যম বিৰোধী সিদ্ধান্তক লৈ জুই জ্বলিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলী জিলা ছাত্ৰ সন্থাই চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । মাজুলী মিনি ষ্টেডিয়ামৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ সমদল বাহিৰ কৰে ।
শিক্ষামন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী গ’ বেগ ধ্বনিৰে উত্তাল কৰে জিলা সদৰ গড়মূৰ । মাজুলী জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত মাজুলীৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই মাতৃভাষা বিৰোধী চৰকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে । এইসকল ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদস্থলীৰ পৰা কয় যে ছাত্ৰ সন্থাই কোনো কাৰণতে চৰকাৰৰ এই সিদ্ধান্ত মানি নলয়, চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব ।