যোৰহাট, ২৮ মে':পাঠদান আৰম্ভ হোৱাৰ দুমাহৰ পিচতো ৰাজ্য়ৰ বিদ্যালয়ত পাঠ্যপুথি যোগান ধৰিব নোৱৰাৰ বিৰুদ্ধে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৰাজ্য়জুৰি ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট আছুৱেও উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট আছুৰ নেতৃত্বই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্র সন্থাই যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰবিৰোধী শ্লোগানেৰে বিক্ষোভ কাৰ্যসূচীস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে,এই কাৰ্যসূচীত উপস্থিত থাকি যোৰহাট জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভুঞাই কয় যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ দুটা মাহ অতিক্ৰম কৰিলে, কিন্তু আজিপৰ্যন্ত শিক্ষা বিভাগে ছাত্র-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰিবলৈ সক্ষম নহ'ল ।