মৰিগাঁও,১০ জুন :অসমৰ ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনে ৫০ বছৰত ভৰি দিলে । এই বিশেষ দিনটোত খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে । এই উপলক্ষে মৰিগাঁও জিলাৰ ভূৰবন্ধাত সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱসৰ আয়োজন কৰে । আছুৱে ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ ক্ৰমে পুতুল শইকীয়া আৰু গজেন ইংতিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ দুই শ্বহীদ পৰিয়ালক চৰকাৰীভাৱে ৫ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰো দাবী জনায় আছুৱে ।
শ্বহীদ দিৱসৰ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে । কাৰ্যসূচীত অংশ লৈ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে জাতীয় শ্বহীদৰ ত্যাগক কেতিয়াও অথলে যাবলৈ দিয়া নহ'ব । তেওঁৰ মতে অসমত আজিও পৰিকল্পিত অৰ্থনৈতিক অন্দোলনৰ প্ৰয়োজন ৷ মুখ্য উপদেষ্টাগৰাকীৰ মতে অসমত আন্দোলন নোহোৱাকৈ একোৱে পোৱা নাযায় ৷ ১৯৭৪ চনত হোৱা আন্দোলন প্ৰাসংগিক আছিল আৰু আছুৱে ইয়াক আগুৱাই লৈ যাব বুলি আশ্বাস দিয়ে ৷ আনহাতে খাদ্য আন্দোলনৰ দুই শ্বহীদৰ পৰিয়ালৰ দায়িত্ব চৰকাৰে বহন কৰিব লাগে বুলিও তেওঁ দাবী জনায় ।