গুৱাহাটী: বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশে অসম চৰকাৰ । দেওবাৰে লোকসেৱা ভৱনত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় সমিতিৰ বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হয় । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত ৩৮ টা বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা কৰা হয় ।
এই সন্দৰ্ভত অহা ১০ মাৰ্চৰ ভিতৰত আৰু এপ্ৰিলত পুনৰ আলোচনা কৰা হ'ব । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়, "অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ চাৰি বছৰ হ'ল । চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে । বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমখন আলোচনা হৈছিল । যোৱা আলোচনাত ৰাজ্য চৰকাৰে কৈছিল অসম চৰকাৰৰ অধীনত ৪০ টা বিষয় আছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়াভাৱে ১২ টা বিষয় আছে । পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত ১৫ টা বিষয় আছে । ৰাজ্য চৰকাৰৰ ৫২ টা বিষয়ত কৰণীয় আছে । "
৩৮ টা বিষয়ত আলোচনা :
তেওঁ পুনৰ কয়, "আজিৰ বৈঠকত ৩৮ টা বিষয় আলোচনা কৰা হয় । আজিৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই সিদ্ধান্ত কেইটা হৈছে জনজাতীয় বেল্ট, ব্লকৰ আৰ্হিত ৰাজহ চক্ৰ নিৰ্মাণ কৰিব লাগিব । সেই ৰাজহ চক্ৰসমূহত কেৱল অধিকাৰ থাকিব অসমীয়া মানুহৰ । ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী বিদ্যালয়ত অসমীয়া বাধ্যতামূলক হ'ব । বিটিচিত বড়ো আৰু অসমীয়া দুয়োটা ভাষাই বাধ্যতামূলক হ'ব । অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস প্ৰণয়ন কৰা হ'ব । ২০২৬ ৰ ( ১ এপ্ৰিলৰ পৰা ) শিক্ষা বৰ্ষৰ পৰা অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক কৰা হ'ব । অসম চৰকাৰৰ সকলো জাননী অহা ব'হাগ মাহৰ পৰা ইংৰাজীৰ লগতে অসমীয়াত প্ৰকাশ পাব । ১৪ এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব ।"
স্বতন্ত্ৰ হ'ব ৰাজ্যভাষা সঞ্চালকালয় :
ৰাজ্যভাষা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে পুনৰ কয়, "ৰাজ্যভাষা সঞ্চালকালয়ক এটা স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ'ব । আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞিবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হ'ব । তদুপৰি শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ আসন প্ৰতিষ্ঠাৰে অসমীয়া বিভাগ খোলা হ'ব । ইপিনে, সত্ৰ,নামঘৰ আদি ধৰ্মীয়স্থলীক বিধিগতভাৱে সুৰক্ষা দিয়া হ'ব । সত্ৰসমূহৰ বাবে ৫ জনীয়া এখন সুকীয়া ৰাজ্যিক ব'ৰ্ড গঠন কৰিব । এই ব'ৰ্ডে সত্ৰৰ সকলো বিষয় চোৱা চিতা কৰিব । ভূমি সংক্ৰান্তীয় কাম-কাজৰ বাবে নতুনকৈ ২ হাজাৰ পদ মুকলি হ'ব ।" তেওঁ পুনৰ কয়, "শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ১০০ কোটি টকাৰ পুঁজি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জ্যোতি চিত্ৰবনৰ কৰ্মচাৰী সকলক চৰকাৰৰ অধীনলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে ।"