অসম

assam

ETV Bharat / state

শিৱসাগৰৰ সাধাৰণ সভাত বাছনি হ'ব আছুৰ স্থায়ী সাধাৰণ সম্পাদক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

All Assam Students Union
পৰৱৰ্তী সাধাৰণ সভাত বাছনি হ'ব আছুৰ সাধাৰণ সম্পাদক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 8:31 PM IST

গুৱাহাটী :আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পিছৰে পৰা স্থায়ী পদটো খালী হৈ আছে । চাৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে যদিও স্থায়ী পদটোক লৈ জল্পনা-কল্পনা অব্যাহত আছে । তাৰ মাজতে আছু নেতৃত্বৰ গুৰুত্বপূৰ্ণ ঘোষণা । সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ সভাতে সাধাৰণ সম্পাদক বাছনি কৰা হ'ব । শুকুৰবাৰে অনুষ্ঠিত আছুৰ জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰে আছু নেতৃত্বই ।

শিৱসাগৰ সাধাৰণ সভাত বাছনি হ'ব আছুৰ সাধাৰণ সম্পাদক

পৰৱৰ্তী সাধাৰণ সভাত বাছনি হ'ব আছুৰ সাধাৰণ সম্পাদক (ETV Bharat)

উল্লেখ্য যে অহা বছৰ ২৭ আৰু ২৮ জানুৱাৰীত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হ'ব আছুৰ সাধাৰণ সভা । এই সাধাৰণ সভাতেই পৰৱৰ্তী স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত কৰা হ'ব । শুকুৰবাৰে আছুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পিছতে আছু নেতৃত্বই সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰে ।

কাৰ্যনিৰ্বাহক সভাত লোৱা সিদ্ধান্ত

আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়,"আজিৰ কাৰ্যনিৰ্বাহকত কেবাটাও সিদ্ধান্ত লোৱা হৈছে । অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আঞ্চলিক ছাত্ৰ সন্থাই অহা ১১ নৱেম্বৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব । অহা ২০ নৱেম্বৰত অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিখন জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । একেদৰে অহা ২৩ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সমূহ আঞ্চলিক ছাত্ৰ সন্থাই পৰিৱেশ-জলবায়ু সজাগতা সপ্তাহ ৰূপায়ণ কৰিব । এই সময়ছোৱাত পৰিৱেশ আৰু জলবায়ু সন্দৰ্ভত আঞ্চলিক ছাত্ৰ সন্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰিব । যেনে-ৰং তুলিকা প্ৰদৰ্শন, বাটৰ নাট, চিত্ৰাংকন, আলোচনা চক্ৰ, সজাগতা ৰেলী আদি ।"

মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে অহা ১০ ডিচেম্বৰত সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰাৰ বগুৱানত শ্বহীদ দিৱস অনুষ্ঠিত হ'ব । আনহাতে ১৮ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ উদ্যোগত অম্বিকাগিৰী ৰায় চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰা হ'ব । গুৱাহাটীত অনুষ্ঠিত হ'ব এই বঁটা প্ৰদান অনুষ্ঠান । ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জনোৱা মতে ২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হ'ব ।

সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ২০২৫ চনৰ ৬ আৰু ৭ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ ডিফুত ছাত্ৰ সন্থাৰ পৰৱৰ্তী নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । তাৰ লগে লগে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ কাৰণে কাৰ্যনিৰ্বাহক সভাতে দাবী জনোৱাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

আছুৰ তদন্ত সমিতিৰ প্ৰতিবেদন প্ৰকাশ

ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়,"সেই সময়ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অহা ৰাজহুৱা অভিযোগ আৰু শংকৰজ্যোতি বৰুৱাৰ পদৰ পৰা অব্যাহতি, উজনি-নামনি বিতৰ্ক, সামাজিক মাধ্যমত ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে তদন্ত সমিতি গঠন কৰা হৈছিল । তদন্ত সমিতিয়ে আজি প্ৰথম খন প্ৰতিবেদন দাখিল কৰিছে । তৃণমূল পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈ ব্যাপক সাংগঠনিক সংস্কাৰৰ পৰামৰ্শ আগবঢ়াইছে । তদুপৰি জিলা পৰ্যায়ৰ একাংশ সদস্য আৰু কেন্দ্ৰীয় পৰ্যায়ৰ একাংশ সদস্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও দিছে । সেয়া আজিৰ সভাৰ পৰাই কাৰ্যকৰী কৰা হ'ব । কিন্তু কাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব ৰাজহুৱা কৰিব নোৱাৰোঁ । কিছু সদস্যৰ বিৰুদ্ধে তথ্য পোৱা গৈছে, কিন্তু এতিয়াও দ্বিতীয় প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিব লাগিব ।"

লগতে পঢ়ক :এবছৰত তিনিবাৰকৈ সলনি হ'ল পৌৰপতি: উপ-পৌৰপতিক বিজেপিৰ পৰা নিলম্বন

ABOUT THE AUTHOR

...view details