তিনিচুকীয়া:প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ শদিয়াৰ টুপচিঙাস্থিত বাসগৃহত বুধবাৰে বিয়লি উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যসহ আছুৰ এটা সঁজাতি দল । দলটোৱে উপস্থিত হৈ প্ৰথমে ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গণশিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে আৰু পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ।
সেই সময়তে গণশিল্পীগৰাকীৰ কণমানি পুত্ৰক ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কোলাত লৈ বিভিন্ন দিশৰ ওপৰত কথোপকথন কৰে । কথোপকথনত শিল্পীগৰাকীৰ কণমানি পুত্ৰই দেউতাকৰ পৰা পাঁচবিধকৈ থলুৱা বাদ্যযন্ত্ৰ বজাবলৈ শিকা বুলি সদৰী কৰে আৰু তাৰে ভিতৰত ঢোল বজাবলৈ সবাতোকৈ ভাল পায় বুলি জানিবলৈ দিয়ে কণমানিটিয়ে ।
পৰৱৰ্তী সময়ত পুনৰ প্ৰয়াত শিল্পীগৰাকীৰ সমাধিত সেৱা গ্ৰহণ কৰি সংবাদমাধ্যমৰ জৰিয়তে তেখেতৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা পাঁচ লাখ টকাই যথেষ্ট নহয় বুলি উল্লেখ কৰি আছুৰ উপদেষ্টাগৰাকীয়ে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে বুলি চৰকাৰলৈ দাবী উত্থাপন কৰে । সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ পৰিয়ালটোৰ সৈতে সাৰথিৰ দৰে থাকি কৰণীয়খিনি কৰি যাব বুলি উল্লেখ কৰে ।