মৰাণ, ২৬ ফেব্ৰুৱাৰীঃ সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । বিৰোধীৰ লগতে শাসক দল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী সকলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান চলাইছে । ডিব্ৰুগড় লোকসভাৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলাৰ মাজতে তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
ইতিমধ্যে সংগঠনটোৱে ৰামেশ্বৰ তেলীৰ দৰে ব্যক্তিক যদি বিজেপিয়ে টিকট দিয়ে তেন্তে বাগিচাত বিজেপিক প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰিছে । ইয়াৰ পাচতে চাহ জনগোষ্ঠীৰ আন এটা সংগঠন সদৌ আদিবাসী ছাত্ৰ সন্থাই সেই একেই স্থিতি স্পষ্ট কৰিছে । এইবাৰ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । বিজেপিয়ে আদিবাসী জনগোষ্ঠীক বছৰ বছৰ ধৰি কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে আদিবাসী সংগঠনটো ।