অসম

assam

ETV Bharat / state

অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান

AAP Election Campaign in Assam : শোণিতপুৰ জিলাৰ মুঠ ১৭৬ টা পঞ্চায়ত এলেকাত বৃহস্পতিবাৰে আপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । আনহাতে, ৯টা বিধানসভা সমষ্টিত আপৰ এই নিৰ্বাচনী কাৰ্যসূচী আৰম্ভ হয় । ১ মাৰ্চৰ পৰা দলটোৱে 'অসমতো কেজৰিৱাল' নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিব ।

১ মাৰ্চৰ পৰা ৰাজ্যত কেজৰিৱালৰ নিৰ্বাচনী অভিযান
১ মাৰ্চৰ পৰা ৰাজ্যত কেজৰিৱালৰ নিৰ্বাচনী অভিযান

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:30 PM IST

Updated : Feb 22, 2024, 4:16 PM IST

তেজপুৰত আপ পৰ্যবেক্ষক ৰাজেশ শৰ্মাৰ সংবাদমেল

তেজপুৰ, ২২ ফেব্ৰুৱাৰী : অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অৰবিন্দ কেজৰিৱাল ৷ প্ৰথমবাৰৰ বাবে অসমত আমি আদমি পাৰ্টী চমুকৈ আপে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে আজি । প্ৰথমতে লোকসভা নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিত প্ৰাৰ্থী প্ৰদানৰ পিছত বৃহস্পতিবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে তেজপুৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে আপে । আপৰ কেন্দ্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যবেক্ষক ৰাজেশ শৰ্মাই এই কাৰ্যালয় মুকলি কৰে । অহা ১ মাৰ্চৰ পৰা দলটোৱে 'অসমতো কেজৰিৱাল' নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰি ৰাজেশ শৰ্মাই কয় যে গাঁওসমূহত সাধাৰণ লোকৰ মাজত এই কাৰ্যসূচী চলিব ।

লগতে আপৰ শীৰ্ষ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম তথা শোণিতপুৰ লোকসভা সমষ্টিৰ তেজপুৰলৈ আহিব বুলি তেওঁ জনায় । উল্লেখ্য যে দলটোৱে এই কাৰ্যসূচীতে নিৰ্বাচনৰ ইস্তাহাৰো প্ৰকাশ কৰে । সংবাদমেলত শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু আপৰ শোণিতপুৰ জিলাৰ বিষয়াববীয়াই অংশগ্ৰহণ কৰে ।

এক সংবাদমেলত শৰ্মাই ঘোষণা কৰে যে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে বিৰোধী ঐক্যমঞ্চই বিশেষকৈ কংগ্ৰেছ বা অন্য দলৰ তৰফৰ পৰা কোনো প্ৰাৰ্থিত্ব প্ৰদান নকৰে । ঠিক সেইদৰে অসমৰ অন্য দুটা লোকসভা সমষ্টি ডিব্ৰুগড় আৰু গুৱাহাটীৰ বাবেও কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান নকৰে বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে শোণিতপুৰ জিলাৰ মুঠ ১৭৬ টা পঞ্চায়ত এলেকাত বৃহস্পতিবাৰে আপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হৈছে ।

আনহাতে, এই তিনিটা সমষ্টিত বিৰোধী ঐক্যমঞ্চই প্ৰাৰ্থী প্ৰদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আপৰ পৰ্যবেক্ষকগৰাকীয়ে কয় যে বিৰোধী ঐক্যমঞ্চৰ আন দলে এই কাৰণেই প্ৰাৰ্থী নিদিয়ে যে নিৰ্বাচনত প্ৰাৰ্থী দিয়াটোৱেই কেৱল প্ৰধান কাম নহয় । শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এই নিৰ্বাচনত জয়লাভ কৰাটোহে মুখ্য কথা । সেয়ে ৰাইজৰ মাজলৈ গৈ বিজেপিক কিয় পৰিহাৰ কৰিব লাগে সেই বিষয়ে বিস্তৃতভাৱে বুজাই দিব লাগিব বুলিও তেওঁ কয় ।

লগতে পঢ়ক :আৰ্থিক লাভালাভ বিবেচনা কৰাতকৈ জাতিৰ মংগলকহে অগ্ৰাধিকাৰ; গৰুখুঁটি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Last Updated : Feb 22, 2024, 4:16 PM IST

ABOUT THE AUTHOR

...view details